Kapili river bridge collapsed: নিৰ্মাণৰত অৱস্থাতেই খহি পৰিল কপিলী নদীৰ ওপৰৰ দলং

author img

By

Published : Mar 16, 2023, 9:17 PM IST

Kapili river bridge collapsed
নিৰ্মাণৰত অৱস্থাতেই খহি পৰিল কপিলী নদীৰ ওপৰৰ দলং ()

কামপুৰৰ কপিলী নদীত অঘটন ৷ ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাৰ অনিয়মৰ বাবে খহি পৰিল নৱ নিৰ্মিত দলং (Bridge collapsed while under construction)৷ দলঙৰ তলত আৱদ্ধ হৈ গুৰুতৰভাৱে আহত হয় তিনি শ্ৰমিক (3 workers injured)৷

নিৰ্মাণৰত অৱস্থাতেই খহি পৰিল কপিলী নদীৰ ওপৰৰ দলং

বঢ়মপুৰ, 16 মাৰ্চ: কামপুৰৰ কপিলী নদীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে বিয়লি নিৰ্মাণৰত অৱস্থাতেই খহি পৰিল কামপুৰৰ কপিলী নদীৰ ওপৰত নিৰ্মাণ কৰি থকা নৱ নিৰ্মিত দলংখন (Kapili river bridge collapsed) ৷ দলংখনৰ ঢালাই কাম কৰি থকা অৱস্থাতেই হঠাৎ দলংখন খহি পৰাত দলঙৰ পৰা পৰি তিনিজন বনুৱা গুৰুতৰভাৱে আহত হয় (Bridge collapsed while under construction)৷ লগে লগে স্থানীয় লোকৰ তৎপৰতাত তিনিওজন শ্ৰমিকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (3 workers injured)৷

এতিয়াও দলঙৰ তলত আৰু বনুৱা থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ এই ঘটনাৰ পিচতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে উত্তম চন্দ্ৰ নাহাতা নামৰ ঠিকাদাৰ জনে দলংখনৰ ঠিকা লাভ কৰিছিল। কপিলী দলঙৰ ওপৰত থকা পুৰণি দলঙখনেৰে গধুৰ বাহন চলাচল কৰিব নোৱাৰা বাবেই দীৰ্ঘদিন ধৰি ৰাইজে আন এখন দলং নিৰ্মাণৰ বাবে কামপুৰৰ ৰাইজে দাবী উত্থাপন কৰি আহিছিল।

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ ফলত নতুন দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ৷ ইফালে ৫০ শতাংশতকৈও অধিক কাম সম্পূৰ্ণ হৈ উঠা দলংখনত দীৰ্ঘদিন ধৰি ঠিকাদাৰৰ লগত মিলিত হৈ কাৰ্যবাহী অভিযন্তাই নিন্মমানৰ সামগ্ৰী ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আছিল ৷ আজি দলংখনৰ দক্ষিণ অংশটো একেবাৰে জহি খহি যোৱাত ৰাইজ খংঙত তিঙিৰ তুলা হৈ উঠে ৷

ক্ষোভিত ৰাইজে কয়, "কামপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিচত 60 বছৰৰ অন্তত কামপুৰীয়া ৰাইজে এখন দলং পাইছিল ৷ 20 কোটিৰে অধিক টকা ব্যয় কৰি এই দলংখন নিৰ্মাণ কৰি থকা হৈছে ৷ কামপুৰীয়া ৰাইজৰ কঁপাল ভাল যে দলংখন মুকলি নৌহওঁতেই ভাঙিলে ৷ ইয়াত যদি মুকলি হোৱাৰ পিচত যাতায়ত হোৱাৰ অৱস্থাত এই দলংখন ভাঙিলে হয় তেনেহ’লে বহুত লোকৰ মৃত্যু হ’ল হয় ৷ দলং নিৰ্মাণ কৰি থকা নাহাতা নামৰ কোম্পানীটোক অতি সোনকালে ব্লেকলিষ্ট কৰিব লাগে ৷ ইয়াত দালালাৰাজ চলিছে, ইয়াৰ কাৰ্যবাহী অভিযন্তা হিতেন কলিতাৰ লগত এই দলং নিৰ্মাণৰ সম্পৰ্ক আছে ৷ ইয়াত কমিছন ৰাজ চলিছে ৷ দলং নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ৷ সমগ্ৰ দলংখন সম্পূৰ্ণৰূপে ভাঙি বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণ কৰক ৷"

নিম্নমানৰ ইটা, বালি, ৰোড, চিমেণ্ট ব্যৱহাৰ কৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে । অচিৰেই ঠিকাদাৰ উত্তম চন্দ নাহাতা আৰু লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা গৰাকীক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে ৰাইজে ৷ উল্লেখ্য যে দলংখন ভঙাৰ পাচতেই নিৰ্মানকাৰ্যত জড়িত ঠিকাদাৰৰ সকলো কৰ্মচাৰী পলায়ন কৰে ৷ সম্প্ৰতি আহত শ্ৰমিককেইজনক কামপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । দলংখনৰ তলত এতিয়াও বহু শ্ৰমিক আৱদ্ধ হৈ আছে বুলি দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Free Hindi textbook distribution: বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.