Free Hindi textbook distribution: বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ

By

Published : Mar 15, 2023, 10:23 PM IST

thumbnail

গুৱাহাটী,১৪ মাৰ্চ: অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বুধবাৰে বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়(Launch of free Hindi textbook distribution programme) । এই উপলক্ষে মহানগৰীৰ অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ ৰূপ নগৰস্থিত কাৰ্যালয়ত অযোজিত এক অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক স্বানৱাজ চৌধুৰীয়ে পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে(Free Hindi textbook distribution) ।  

মন কৰিবলগীয়া কথা এই যে অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিয়ে(Assam Rashtrabhasha Prachar Samiti) অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে 'ক' শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হিন্দী পাঠ্যপুথিসমূহ যথাসময়ত প্ৰকাশ কৰি চলিত মাহৰ ভিতৰত ৰাজ্যৰ প্ৰত্যেক শিক্ষাখণ্ডৰ কার্যালয়লৈ যোগান ধৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । সেই অনুসৰি ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে মুঠ ২৩,১২,৭৬৩ খন হিন্দী পাঠ্যপুথি প্ৰকাশ কৰি ৰাজ্যৰ ১৪৯ শিক্ষাখণ্ডলৈ যোগান ধৰিব ।  

এই পাঠ্যপুথিসমূহ অসমৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত ১ এপ্রিল তাৰিখে তুলি দিয়াৰ স্বাৰ্থত অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিয়ে পাঠ্যপুথি বিতৰণৰ সকলো প্রস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে । বুধবাৰে কামৰূপ মহানগৰ, কামৰূপ আৰু নলবাৰী জিলাৰ শিক্ষা খণ্ডলৈ হিন্দী পাঠ্যপুথি যোগান ধৰি পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে । এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচীত  উপস্থিত থাকে অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী ড° ক্ষীৰদা কুমাৰ শ‍ইকীয়া(Minister of Assam Rashtrabhasha Prachar Samiti) ।

লগতে পঢ়ক : Akhil Gogoi Slams BJP govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ডকাইত আখ্যা অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.