ETV Bharat / state

নগাঁৱত আইপিএলৰ জুৱাৰীৰ পৰা উদ্ধাৰ লক্ষাধিক টকা

author img

By

Published : May 4, 2021, 3:58 PM IST

নগাঁৱত উচ্ছেদ জুৱাৰ ঘাটি ৷ আটক হৈছে এই ঘাটিৰ দুজনকৈ মাষ্টাৰ মাইণ্ড ৷ আৰক্ষীয়ে অভিযান চলাই আটক কৰে হুছনে মোবাৰক আৰু ললিত দাগ নামৰ দুজন জুৱাৰীক ৷

নগাঁৱত আইপিএল জুৱাৰীৰ পৰা উদ্ধাৰ নগদ 9 লাখ টকা
নগাঁৱত আইপিএল জুৱাৰীৰ পৰা উদ্ধাৰ নগদ 9 লাখ টকা

নগাঁও,4 মে': নগাঁৱত গোপনে চলি আছে আইপিএলৰ নামত গঢ়ি উঠা জুৱাৰ ঘাটি ৷ এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে হুছনে মোবাৰক নামৰ এজন জুৱাৰীক ৷

নগাঁৱত আইপিএল জুৱাৰীৰ পৰা উদ্ধাৰ নগদ 9 লাখ টকা

আটকাধীন জুৱাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁৱৰ এটা বাসগৃহত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ৯ লাখ টকাৰ লগতে চাৰিটাকৈ ম'বাইল আৰু এখন বাইক ৷ আৰক্ষীয়ে জব্দ কৰা ম'বাইলত আইপিএল জুৱাৰ এপ্লিকেচন থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ইতিমধ্যে আইপিএলৰ নামত চলা এই জুৱা খেলৰ মাষ্টাৰ মাইণ্ড নগাঁও চহৰৰ কচ'লখোৱাৰ হুছনে মোবাৰক আৰু ৰাজস্থানৰ ললিত দাগক কৰায়ত্ব কৰিছে নগাঁও আৰক্ষীয়ে ৷

অন্য এক খবৰৰ বাবে: ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.