ETV Bharat / state

Football league at Kaliabor: কলিয়াবৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

author img

By

Published : Aug 8, 2023, 12:12 PM IST

দেওবাৰৰ পৰা আৰম্ভ হ’ল কলিয়াবৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত তিনিটা শাখাত সৰ্বমুঠ 26 টা দলে যোগদান কৰিছে ৷ সোমবাৰে প্ৰতিযোগিতাৰ A ডিভিজনৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হয় ৷ শাকমুঠীয়া চাহ বাগিচাৰ উদয় ক্লাব বনাম মৰ্ণিং ষ্টাৰ ক্লাবৰ মাজত অনুষ্ঠিত হয় মেচখন ৷ অতি উত্তেজনাপূৰ্ণ মেচখনত শাকমুঠীয়া চাহ বাগিচাৰ উদয় ক্লাবে মৰ্ণিং ষ্টাৰ ক্লাবক ৪-৩ গ'লৰ ব‍্যৱধানত পৰাস্ত কৰে ৷

Football league at Kaliabor
কলিয়াবৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

কলিয়াবৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

কলিয়াবৰ, 8 আগষ্ট: দেওবাৰৰ পৰা আৰম্ভ হ’ল কলিয়াবৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত সৰ্বমুঠ 26 টা দলে যোগদান কৰিছে ৷ তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত A ডিভিজনত 6টা, B ডিভিজনত 8টা আৰু C ডিভিজনত 12টা দলে অংশ গ্ৰহণ কৰে । দেওবাৰে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ কাৰ্য‍কৰী সভাপতি ৰবীন ভূঞাই ৷ আনহাতে প্ৰতিযোগিতাখনত A B C ডিভিজন স্তৰত অংশ লোৱা ২৬ টা দলৰ পতাকা উত্তোলন কৰে দলৰ প্ৰতিনিধিয়ে ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ প্ৰতিভাৱান খেলুৱৈ জুচিলা ম'মিন ৷ অহা ৩ চেপ্তেম্বৰৰ অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা তিনিওটা ডিভিজনৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব । সোমবাৰে প্ৰতিযোগিতাৰ A ডিভিজনৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হয় ৷ শাকমুঠীয়া চাহ বাগিচাৰ উদয় ক্লাব বনাম মৰ্ণিং ষ্টাৰ ক্লাবৰ মাজত অনুষ্ঠিত হয় ৷ অতি উত্তেজনাপূৰ্ণ মেচখনত শাকমুঠীয়া চাহ বাগিচাৰ উদয় ক্লাবে মৰ্ণিং ষ্টাৰ ক্লাবক ৪-৩ গ'লৰ ব‍্যৱধানত পৰাস্ত কৰে ৷

ডাঃ টি.আও ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমাদ্ধত মৰ্নিং ষ্টাৰ ক্লাবে ১-১ গ'লৰ ব‍্যৱধানত আগবাঢ়ি আছিল । ইফালে দ্বিতীয়াৰ্দ্ধত উদয় ক্লাবে তিনিটা গ'ল দিয়াৰ বিপৰীতে মৰ্নিং ষ্টাৰ ক্লাৱে দুটা গ'ল দিবলৈহে সক্ষম হয় । উদয় ক্লাবৰ হৈ হিবুল কুজুৰ আৰু প্ৰশান্ত গাডুৱাই দুটাকৈ গ'ল দিয়ে । মৰ্নিং ষ্টাৰৰ হৈ অমন লাক্ৰা আৰু ছান্দোগ‍্য মহন্তই এটাকৈ গ'ল দিয়ে ।

আনহাতে মঙলবাৰে বি ডিভিজনৰ দুখনকৈ খেল অনুষ্ঠিত হ'ব । প্ৰথমখন খেল আৰোহণ গোষ্ঠী বনাম টুইংকল ক্লাব আৰু দ্বিতীয়খন খেল আজাদ ক্লাব বনাম স্পৰ্টছ একেডেমী অৱ কলিয়াবৰৰ মাজত অনুষ্ঠিত হ'ব । উল্লেখযোগ‍্য যে দেওবাৰৰ পৰা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ।

কলিয়াবৰৰ নাগশংকৰস্থিত ডাঃ টি. আও ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এ ডিভিজনৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বীপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ আফাট দলক ৪-২ গ’লৰ ব‍্যৱধানত পৰাস্ত কৰে । ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ ইলিয়াছ দদ্ৰাই হেট্ৰিক আৰু আনটো গ’ল দিয়ে আৰিশ টিক্কাই । জাংচাৰ আফাট দলৰ হৈ গ'ল দুটা দিয়ে ক্ৰমে সুৰজ বসুমতাৰী আৰু প্ৰীতম বসুমতাৰীয়ে ।

লগত পঢ়ক:Unidentified body recovered: কলিয়াবৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.