ETV Bharat / state

কলঙক পুনৰ উজ্জীৱিত কৰিবলৈ 135 কোটি টকীয়া আঁচনিৰ শুভাৰম্ভণি

author img

By

Published : Oct 30, 2020, 5:21 PM IST

Updated : Oct 30, 2020, 7:20 PM IST

Inauguration of Rejuvenate Kolong Schem at Kolong
কলঙক পুনৰ উজ্জীৱিত কৰিবলৈ 135 কোটি টকীয়া আঁচনিৰ শুভাৰম্ভণি

135 কোটি টকা ব‍্যয় সাপেক্ষ অসম চৰকাৰৰ জল সম্পদ বিভাগৰ অভিলাষী আঁচনি 'কলং পুনৰ জীৱিতকৰণ আঁচনি'ৰ শুভাৰম্ভণি ৷ বহু কেইগৰাকী মন্ত্ৰী-বিধায়ক তথা বিষয়াৰ উপস্থিতিত শুভাৰম্ভণি কৰা হয় ৷

নগাঁও, 30 অক্টোবৰ : নগাঁওবাসীৰ বাবে সু-খবৰ ৷ প্ৰায় 135 কোটি টকা ব‍্যয় সাপেক্ষ অসম চৰকাৰৰ জল সম্পদ বিভাগৰ অভিলাষী আঁচনি 'কলং পুনৰ জীৱিতকৰণ আঁচনি'ৰ জৰিয়তে বোৱতী কলঙৰ সপোন পুনৰ বাস্তৱায়িত হোৱাৰ পথত । কিয়নো শুকুৰবাৰে হাতীমূৰা কলঙমুখত জল সম্পদ মন্ত্ৰী,নগাঁও আৰু ৰহাৰ বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু ডিম্বেশ্বৰ দাসৰ লগতে বিশিষ্ট ব‍্যক্তি তথা আয়তীৰ উপস্থিতিত এই আঁচনিৰ শুভাৰম্ভণি কৰে ।

মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

উল্লেখ্য যে,কলং পুনৰ জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভণিৰ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত,বিধায়কদ্বয়ৰ লগতে উপস্থিত থাকে নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভন, জলসম্পদ বিভাগৰ মুখ‍্য সচিব ছৈয়দিন আব্বাছী,জল সম্পদ বিভাগৰ মুখ‍্য অভিযন্তা বৰ চিং ৰংপী কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ,প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা আদিকে ধৰি বিশিষ্ট লোকসকল উপস্থিত থাকে ।

Inauguration of Rejuvenate Kolong Schem at Kolong
কলঙক পুনৰ উজ্জীৱিত কৰিবলৈ 135 কোটি টকীয়া আঁচনিৰ শুভাৰম্ভণি

লগতে পঢ়ক : ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়া

Last Updated :Oct 30, 2020, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.