ETV Bharat / state

Illegal mining in Assam:ৰহাত উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানে চলাইছে বন ধ্বংসযজ্ঞ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:49 PM IST

Fly Over in Raha
উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠান

নৈৰ কাষৰ চৰকাৰী ভূমিত অবৈধ খনন উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ । কলং নৈৰ ওপৰত থকা দলঙৰ সমীপৰ পৰা চৰকাৰী ভূমি অবৈধভাৱে খননৰ অভিযোগ ।

উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠান

ৰহা, ১১ ছেপ্টেম্বৰ: ৰাজ্য় চৰকাৰে ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ হোৱাৰ সময়তেই এইবাৰ মাফিয়াৰ ৰূপত অৱতীৰ্ণ হৈছে উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানে । নগাঁও জিলাৰ ৰহাত উৰণ সেতু নিৰ্মাণ কৰি থকা সন্থা ডি বি এলে বন ধ্বংসযজ্ঞত অৱতীৰ্ণ হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যি সময়ত অসম চৰকাৰে এক কোটি গছ পুলি ৰোপণেৰে সেউজী ধৰা গঢ়ি বিশ্ব ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছে তেনে সময়তে কিন্তু ৰহাত বন ধ্বংসযজ্ঞ চলাইছে ৰহাৰ উৰণ সেতু নিৰ্মাণ কৰা ডি বি এল কোম্পানীয়ে ।

ৰহাৰ চাৰিলেনযুক্ত পথৰ ওপৰত উৰণ সেতু নিৰ্মাণ কৰি থকা ডি বি এল নামৰ কোম্পানীটোৱে এক্সেভেটৰৰ জৰিয়তে সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনে ৰহাৰ কলং নৈৰ ওপৰত থকা দলঙৰ সমীপৰ পৰা চৰকাৰী ভূমি অবৈধভাৱে খনন কৰি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছে ৷ টোল গেটৰ জৰিয়তে ৰাইজৰ পৰা অত্যাধিক কৰ সংগ্ৰহ কৰাৰ পাছত এতিয়া পথ নিৰ্মাণ কৰিবলৈ অনুমতি অবিহনে চৰকাৰী মাটি এক্সেভেটৰেৰে খান্দি উৰণ সেতু নিৰ্মাণ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

এনেদৰে মাটি খনন কৰাত কামপুৰ ৰহা সংযোগী একমাত্ৰ দলঙখনলৈ ভাবুকি আহি পৰিছে ৷ ইতিমধ্যে এই সম্পৰ্কে স্থানীয় লোকে নগাঁৱৰ বন বিভাগক অৱগত কৰাত মাটি খনন বন্ধ কৰি দিয়ে বন বিভাগে ৷

লগতে পঢ়ক:Autumn session 2023: বিধানসভা অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ, প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী

ডি বি এল কোম্পানীয়ে কাৰ অনুমতিত চৰকাৰী ভূমিত খনন কৰিবলৈ সাহস পালে তাকলৈ ৰাইজৰ মাজত চৰ্চা আৰম্ভ হৈছে ৷ ইপিনে,স্থানীয় একাংশ ৰাইজে ৰহা আৰু চাপৰমুখৰ কেইজনমান ভূ-মাফিয়াই ধনৰ লোভত এনেদৰে চৰকাৰী ভূমি খনন কৰিবলৈ সুবিধা কৰি দিয়া অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:Assam TMC Press Meet : আৰক্ষী বিভাগৰ প্ৰতি ৰাইজৰ ঘৃণা সৃষ্টি হোৱাৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া অসম তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.