ETV Bharat / state

Extramarital affair of wife: পত্নীৰ প্ৰেমিকৰ সৈতে অভিসাৰৰ ভিডিঅ’ কৰাই কাল হ’ল স্বামীৰ

author img

By

Published : Feb 2, 2023, 9:56 AM IST

Updated : Feb 2, 2023, 12:21 PM IST

পোহৰলৈ আহিছে অলপতে নগাঁৱৰ ধিঙত সংঘটিত এটা লজ্জাজনক ঘটনা । পৰপুৰুষৰে পত্নীৰ অবৈধ সম্পৰ্ক ম’বাইলত আবদ্ধ কৰাৰ কথা জানিব পাৰি স্বামীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিলে পত্নীৰ প্ৰেমিকে (Illegal affair of wife with boyfriend) । বিগত চাৰি মাহে মৃত্যুৰে যুঁজি আছে স্বামী মোজাদ্দাদীয়ে ।

husband-recorded-naked-video-of-wife-with-another-man-in-dhing
পত্নীৰ প্ৰেমিকৰ লগত অভিষাৰৰ ভিডিঅ’ কৰি প্ৰহৃত হ’ল স্বামী

পত্নীৰ প্ৰেমিকৰ লগত অভিসাৰৰ ভিডিঅ’ কৰি প্ৰহৃত হ’ল স্বামী

নগাঁও, 2 ফেব্ৰুৱাৰী: পোহৰলৈ আহিছে নগাঁৱত ধিঙত প্ৰায় চাৰি মাহ পূৰ্বেই সংঘটিত হোৱা এটা ভয়ংকৰ ঘটনা (Extra marital affairs in Assam) । ধিঙত পৰকীয়া প্ৰেমৰ বাবেই স্বামীক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল । গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত স্বামী এতিয়া মৃত্যুৰ সৈতে বিগত প্ৰায় চাৰি মাহ ধৰি যুঁজিব লগীয়া হৈছে ৷

এই ঘটনা সংঘটিত হৈছে ধিঙৰ মাটখোলাত । আজিৰ পৰা প্ৰায় চাৰিমাহ পূৰ্বে মাটখোলাৰ সেক বাদশ্বা মোজাদ্দাদী নামৰ ব্যক্তি জনৰ পত্নী দলগাঁৱৰ বেছিমাৰীৰ জনৈক খাইৰুল নামৰ এজন ব্যক্তিৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল (Wife extra marital affair in Dhing)। এই অবৈধ সম্পৰ্কৰ অশ্লীল দৃশ্য মোবাইল কেমেৰাত বন্দী কৰিছিল স্বামীয়ে (Husband videotaping his wifes illegal love affair) ।

এই অবৈধ সম্পৰ্ক হাতে লোটে ধৰা পেলোৱাৰ পিছতেই যোৱা বছৰৰ এক অক্টোবৰৰ দিনা সেখ বাদশ্বা মোজাদ্দাদী ধিং বজাৰলৈ আহি থকা অৱস্থাত পত্নীৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহা জনৈক খাইৰুল নামৰ ব্যক্তিজনে লাখুটিৰে সেক বাদশ্বা মোজাদ্দাদীৰ মূৰত বেয়াকৈ প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাই (Husband beaten up by wifes lover)। লম্পট খাইৰুলৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ মুজাদ্দাদী মাটিত ঢলি পৰে ।

লগে লগে পৰিয়ালৰ লোকে খবৰ পাই মুজাদ্দাদীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যদিও ব্যক্তি গৰাকীৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেৰণ কৰে । ইপেনে গুৱাহাটীত প্ৰায় ৩০/৩৫ লাখ টকা খৰচ কৰি চাৰিমাহে চিকিৎসা কৰিও সুস্থ হৈ নুঠাত বৰ্তমান ঘৰলৈ লৈ আনে মোজাদ্দাদীক (Viral Video of wife in Dhing) ।

ঘৰতে এতিয়া মৃত্যুৰ সৈতে যুঁজিছে ব্যক্তি গৰাকীয়ে । ইপিনে ঘটনা সংঘটিত হোৱাৰ দিনাই পত্নীয়ে তিনি সন্তানক লৈ পলায়ন কৰে পিতৃ গৃহলৈ আৰু আক্ৰমণকাৰী খাইৰুল ইছলামো পলায়ন কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত চাৰিমাহ পূৰ্বে ধিং থানাত এজাহাৰ দাখিল কৰে মোজাদ্দাদীৰ পৰিয়ালে । কিন্তু আজি পৰ্যন্ত ধিং আৰক্ষীয়ে আক্ৰমণকাৰী লম্পট খাইৰুল ইছলামক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল ।

স্মৰ্তব্য যে, আহত স্বামী চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ পিছতেই পোহৰলৈ আহিছে সেই বিশেষ ভিডিঅ’ । যি ভিডিঅ’ৰ বাবে স্বামী মুজাদ্দাদীক গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰিছিল তেওঁৰ পত্নীৰ অবৈধ প্ৰেমিকে । এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । লগতে পত্নীৰ পৰকীয় প্ৰেমিকাৰ সৈতে হোৱা অবৈধ সম্পৰ্কৰ অশ্লীল ভিডিঅ’ পোহৰলৈ অহাত লজ্জানত হৈছে বিভিন্নজন ।

লগতে পঢ়ক: Chirang Love Between Women: দুই নাৰীৰ প্ৰেমৰ কাহিনীত তোলপাৰ চিৰাং

Last Updated :Feb 2, 2023, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.