ETV Bharat / state

চিকিৎসকে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত

author img

By

Published : May 27, 2021, 10:33 PM IST

Updated : May 27, 2021, 10:40 PM IST

নগাঁও জিলাৰ দগাঁও প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক তথা এচডিএম জয়নাল আবেদিন ফাৰুকিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে চিকিৎসালয়খনৰ মাধৱেন্দ্ৰ ভূঞা নামৰ আন এজন চিকিৎসকে ৰোগীক ঔষধ দিয়াৰ নামত ধন সংগ্ৰহ কৰি থাকোতে সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷

Hidden camera captures doctor raising money
চিকিৎসকে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত

ৰূপহীহাট,27 মে': নগাঁও জিলাৰ দগাঁও প্ৰাথমিক চিকিৎসালয়ত দুৰ্নীতিৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ৷ দীৰ্ঘদিনে প্ৰাথমিক চিকিৎসালয়খনৰ চিকিৎসকে ৰোগীক ঔষধ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই সম্পৰ্কে ৰাইজৰ অনুৰোধত বাৰাম্বাৰ ইটিভি ভাৰতটো বাতৰি সম্প্ৰচাৰ কৰা হৈছিল কিন্তু চিকিৎসকৰ এই কাৰ্যৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ এচ ডি এম জয়নাল আবেদিন ফাৰুকি নামৰ চিকিৎসক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছিল যদিও স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই কোনো গুৰুত্বই নিদিলে ৷

Hidden camera captures doctor raising money
চিকিৎসকে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত

পুনৰ বৃহস্পতিবাৰে অনুৰূপ ঘটনাই ঘটিল প্ৰাথমিক চিকিৎসালয়খনত ৷ ৰোগীক ঔষধ দিয়াৰ নামত বক্ৰ পথেৰে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত ৷ চিকিৎসালয়খনৰ মাধৱেন্দ্ৰ ভূঞা নামৰ আন এজন চিকিৎসকে চৰকাৰী চিকিৎসালয়খনতে ৰোগীক ঔষধ দিয়াৰ নামত ধন সংগ্ৰহ কৰি থাকোতে সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷

চিকিৎসকে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত

ইফালে নাম বিহীন ভাৱে ৰোগীৰ পৰা ধন লৈ দিয়া ঔষধৰ বাবেও শংকিত হৈ পৰিছে ৰোগীসকল। চিকিৎসালয়খনৰ এনেবোৰ দুৰ্নীতিৰ বিৰূদ্ধে বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰোগী তথা স্থানীয় লোকসকল ৷

লগতে পঢ়ক: নৱজাতৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য

Last Updated : May 27, 2021, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.