ETV Bharat / state

কামপুৰত সংসাৰ পাতিবলৈ আহি ৰাইজৰ ৰোষত যুৱক

author img

By

Published : Oct 31, 2020, 7:51 PM IST

কামপুৰ দ-গাঁৱত উত্তেজনাময় পৰিস্থিতি । চৈধ্য বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভন দি পলুৱাই নি ৰাইজৰ ৰোষত পৰিল এজন যুৱক ।

heated situations at kampur
কামপুৰত সংসাৰ পাতিবলৈ আহি ৰাইজৰ ৰোষত যুৱক

বঢ়মপুৰ,31অক্টোবৰঃ কামপুৰ দ-গাঁৱত উত্তেজনাময় পৰিস্থতি। এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভন দি পলুৱাই নি ৰাইজৰ ৰোষত পৰিল এজন যুৱক। উল্লেখযোগ্য যে,পথ নিৰ্মাণৰ কাম কৰি থকা চালাম নামৰ বনুৱা এটাই কিশোৰী গৰাকীক ফুচুলাই লৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কামপুৰত সংসাৰ পাতিবলৈ আহি ৰাইজৰ ৰোষত যুৱক

ইপিনে চালাম নামৰ বনুৱাটোৰ বিৰুদ্ধে কিশোৰী গৰাকীক অপহৰণ কৰাৰ অভিযোগ স্থানীয় লোকৰ । কিশোৰী গৰাকীক লৈ যোৱা অৱস্থাত হাতে লোটে ধৰি উত্তম মধ্যম সোধাই স্থানীয় লোকে। পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে যদিও প্ৰথম অৱস্থাত বাধা প্ৰদান কৰে স্থানীয় লোকে। ধৃত যুৱক জনৰ ঘৰ ডবকাত বুলি জানিব পৰা গৈছে ৷

heated situations at kampur
কামপুৰত সংসাৰ পাতিবলৈ আহি ৰাইজৰ ৰোষত যুৱক

লগতে পঢ়কঃ কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.