ETV Bharat / state

Handloom scheme inauguration: বিধায়ক শশীকান্ত দাসক লগত লৈ নগাঁৱত স্বনিৰ্ভৰ নাৰী আঁচনি উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Jan 13, 2023, 7:07 PM IST

নগাঁৱত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীনৰ স্বনিৰ্ভৰ নাৰী আঁচনি উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ লগতে তেওঁ উদ্বোধন কৰে অসমৰ শিপিনীয়ে হাতে বোৱা কাপোৰৰ এটা বিক্ৰী কেন্দ্ৰ (Swanirbhar Nari scheme in Assam) ৷ মন্ত্ৰীগৰাকীৰ সৈতে শুকুৰবাৰে এই অনুষ্ঠানত দেখা গ’ল কংগ্ৰেছৰ পৰা বহিস্কৃত ৰহাৰ বিধায়ক শশীকান্ত দাসক ৷

Handloom scheme inauguration
নগাঁৱত স্বনিৰ্ভৰ নাৰী আঁচনি উদ্বোধন

নগাঁৱত স্বনিৰ্ভৰ নাৰী আঁচনি উদ্বোধন

নগাঁও, 13 জানুৱাৰী: বিধায়ক শশীকান্ত দাসক লগত লৈ নগাঁৱত চৰকাৰী আঁচনিৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ (Health minister Keshab Mahanta in Nagaon)। হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীনত নগাঁৱত স্বনিৰ্ভৰ নাৰী আঁচনিৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই । স্বনিৰ্ভৰ আঁচনিৰ অধীনতে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই (Swanirbhar Nari scheme in Assam)। হস্ততাঁত বস্ত্ৰশিল্পৰ পৰ্টেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈও আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই ।

ভোগালী বিহুৰ প্ৰকমুহূৰ্তত অসমৰ শিপিনীৰ বাবে ভাল খবৰ লৈ আহিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে (Assam govt scheme for Handloom)। বিগত বাজেট অধিবেশনত ৰাজ্য চৰকাৰে ঘোষণা কৰা এটি অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰে । অসমৰ শিপিনীয়ে বৈ উলিওৱা বস্ত্ৰ বিক্ৰীৰ বাবে চৰকাৰে এইবাৰ গ্ৰহণ কৰিছে পদক্ষেপ ।

বাজেট অধিবেশনত ঘোষণা কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে কাৰ্যকৰী কৰিলে অসমৰ শিপিনীৰ বাবে এটি অভিলাষী আঁচনি । এই আঁচনিৰ নাম স্বনিৰ্ভৰ নাৰী আঁচনি । অসমৰ নাৰী অথৱা শিপিনীক স্বনিৰ্ভৰ কৰি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এনে এক পদক্ষেপ । চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীনত গ্ৰহণ কৰা আঁচনি ভোগালী বিহুৰ এটা দিন পূৰ্বে শুভাৰম্ভ কৰা হয় (Handloom scheme inauguration) ।

শুকুৰবাৰে নগাঁৱতো এই অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হয় । নগাঁৱত স্বনিৰ্ভৰ নাৰী আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই । এই অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰি ৰাজ্যৰ শিপিনীসকলক হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ পৰ্টেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰি চৰকাৰী সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই ।

এই আঁচনিৰ শুভাৰম্ভ কৰি সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই । সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ উচ্চ প্ৰশংসা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । বিগত বাজেট অধিবেশনত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি এই আঁচনিৰ শুভাৰম্ভ কৰা হয় বুলি তেওঁ উল্লেখ কৰে । এই আঁচনিৰ অধীনত শুভাৰম্ভ কৰা হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে অসমৰ শিপিনীসকল যথেষ্ট লাভৱান হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Handloom product sale center in Nagaon)।

এতিয়াৰ পৰা অসমৰ শিপিনীসকলে নিজে প্ৰস্তুত কৰা বস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা লাভ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । নগাঁৱৰ হস্ততাঁত বস্ত্ৰশিল্পৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা শিপিনীৰ হস্ততাঁত বস্ত্ৰ বিক্ৰী প্ৰক্ৰিয়াৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তক সংগ দিয়ে কংগ্ৰেছৰ পৰা বহিষ্কৃত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ।

লগতে পঢ়ক: Public Fishing on Bhogali Bihu : কাজিৰঙাত নিষিদ্ধ ভোগালীৰ পৰম্পৰাগত মৎস্য চিকাৰ, উদ্ধাৰ দুষ্প্ৰাপ্য চেং মাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.