ETV Bharat / state

সত্ৰীয় সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰয়াত গিৰিকান্ত মহন্তৰ অৱদান

author img

By

Published : Oct 15, 2021, 7:08 PM IST

শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীত আজি কলিয়াবৰবাসীয়ে স্মৰণ কৰিছে এগৰাকী বিশেষ ব্যক্তিক । যিগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকৰ হাতত প্ৰাণ পায় উঠিছিল 'শ্ৰী শ্ৰীশংকৰদেৱ জন্মযাত্ৰা' নাটক । মহাপুৰুষজনাৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে এইগৰাকী মহান পুৰুষৰ ।

Kaliabor
সত্ৰীয় সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰয়াত গিৰিকান্ত মহন্তৰ অৱদান

কলিয়াবৰ,১৫ অক্টোবৰ : অসমৰ জন-জীৱনলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ বিষয়ে নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই । কিন্তু মহাপুৰুষজনাই অসমীয়া সমাজলৈ আগবঢ়োৱা অৱদানবোৰক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰখাত কেইবাগৰাকী ব্যক্তিৰ কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে । তাৰ ভিতৰত অন্যতম হৈছে শ্ৰীশ্ৰী শ্ৰৱণী সত্ৰৰ প্ৰয়াত গিৰিকান্ত মহন্ত । সত্ৰীয়া কলা-কৃষ্টিৰ বিকাশত সত্ৰীয়া গিৰিকান্ত মহন্তৰ বৰঙণি চিৰ-স্মৰণীয় হৈ ৰ’ৱ ।

সত্ৰীয় সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰয়াত গিৰিকান্ত মহন্তৰ অৱদান

ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ শ্ৰীশ্ৰী শ্ৰৱণী সত্ৰত তেওঁ ১৯০৯ চনত জন্ম লাভ কৰিছিল । ১৯৫২ চনত শ্বিলং অনাতাঁৰ কেন্দ্ৰত 'ৰুক্মিণী হৰণ নাট' পৰিৱেশন কৰাৰ পৰা আৰম্ভ কৰি প্ৰয়াত গিৰিকান্ত মহন্তই ঠিক মৃত‍্যুৰ আগলৈকে গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত বৰগীত পৰিৱেশন কৰাৰ উপৰিও ১৯৭১ চনত ৰুক্মিণী হৰণ অংকীয়া নাট, ১৯৭৮ চনত যুৱবাণী অনুষ্ঠানত কেলিগোপাল অংকীয়া নাট পৰিৱেশন কৰিছিল । সংগীত নাটক একাডেমীৰ অসম শাখাৰ তত্বাৱধানত 'বৰগীত গৱেষণা সমিতিৰ স্বৰ ৰেখাত বৰগীত' গ্ৰন্থখন সংকলন কৰোতে ছটা বৰগীতৰ স্বৰলিপি প্ৰস্তুত কৰণত মহন্তদেৱৰ অৱদান বিশেষভাৱে উল্লেখনীয় ।

সেই সূত্ৰেই ১৯৭২ চনত ভাৰত চৰকাৰৰ 'সংগীত নাটক একাডেমী'ৰ পৰা সত্ৰীয়া সংগীতৰ বিষয়ে গৱেষণা কৰিবৰ বাবে গিৰিকান্ত মহন্তই ফেল'শ্বিপ লাভ কৰে । এই গৱেষণা গুৱাহাটীৰ ড০ মহেশ্বৰ নেওগৰ তত্বাৱধানত সম্পন্ন হোৱাৰ পাছত "সত্ৰীয় নৃত‍্য আৰু সত্ৰীয়া নৃত‍্যৰ তাল (মধ‍্য অসম)" শীৰ্ষক গৱেষণা পত্ৰ ১৯৭৩ চনৰ ২ জুন তাৰিখে ড০ মহেশ্বৰ নেওগৰ হাতত তেওঁ জমা দিয়ে ।

এই গৱেষণা পত্ৰত সত্ৰীয়া নৃত‍্য আৰু সত্ৰীয়া নৃত‍্যৰ তাল বিলাকৰ উপৰিও 'গানিকা'ৰ বিভিন্ন অংশৰ গীত ব‍্যৱহৃত ২৪ খন তালৰ আৰ্য‍া, খোলৰ জন্ম বৃত্তান্ত আৰু বিভিন্ন অংশৰ আৰ্য‍া, তাল সুৰৰ তালিকা বিষয় বস্তু হিচাপে আছিল । কিন্তু পৰিতাপৰ বিষয় আজি পৰ্য‍ন্ত সেই গৱেষণা পত্ৰ গ্ৰন্থ আকাৰত প্ৰকাশ হৈ নোলাল । প্ৰয়াত গিৰিকান্ত মহন্তৰ 'খোলৰ প্ৰাথমিক জ্ঞান' আৰু 'অংগীয়া ভাওনাৰ প্ৰশিক্ষণ' নামৰ গ্ৰন্থ দুখন সত্ৰীয়া সংস্কৃতিৰ দুখন গুৰুত্বপূৰ্ণ সমল যদিও এতিয়া সেই সমল বিচাৰি উলিওৱা কঠিন হৈ পৰিছে ।

অসমৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় জীৱনৰ ত্ৰাণকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে বিভিন্ন গ্ৰন্থ বিভিন্ন সময়ত ৰচনা কৰা হৈছে । গীত, কবিতা, প্ৰৱন্ধ, উপন‍্যাস, বোলছবি, নাট আদিতো দুয়োজনা গুৰুৰ চৰিত্ৰৰ অৱলোকন-বিশ্লেষণ কৰা হৈছে । ১৯৩৯ চনতেই প্ৰয়াত গিৰিকান্ত মহন্তই মহাপুৰুষ গুৰুজনাৰ অংকীয়া নাটৰ আৰ্হিৰে ব‍্যতিক্ৰমী চিন্তাৰে গুৰুজনাৰ বিশাল গুণাৱলী বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছিল ।

কিন্তু ব‍্যতিক্ৰমী বৰ্ণনাৰ প্ৰচাৰ আৰু প্ৰসাৰ নহ'ল । আজি গুৰুজনাৰ আবিৰ্ভাৱ তিথিত প্ৰয়াত গিৰিকান্ত মহন্তক স্মৰণ কৰিছে কলিয়াবৰবাসীয়ে । তেখেতৰ অৱদানক প্ৰচাৰ প্ৰসাৰৰ বাবে সকলোকে একগোট হোৱাৰ আহ্বান কলিয়াবৰবাসীৰ ।

লগতে পঢ়ক:প্ৰতিমা বিসৰ্জনৰ সময়ত যান-বাহন চলাচলৰ বিশেষ নিয়ম মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.