ETV Bharat / state

গাঞ্জা সহ দুই সৰবৰাহকাৰীক আটক কঠিয়াতলী আৰক্ষীৰ

author img

By

Published : Sep 3, 2021, 10:18 PM IST

অব্যাহত আছে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ শুকুৰবাৰে গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ কঠিয়াতলীত আৰক্ষীয়ে চলোৱা অভিযানত ১ কেজি ৩০০ গ্ৰাম গাঞ্জা জব্দ কৰা কয় ৷

kathiatoli police
গাঞ্জা সহ দুই সৰবৰাহকাৰীক আটক কঠিয়াতলী আৰক্ষীৰ

বঢ়মপুৰ, 3 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়াও অব্যাহত আছে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ শুকুৰবাৰে গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ কঠিয়াতলীত আৰক্ষীয়ে চলাই এক অভিযান । কঠিয়াতলী আৰক্ষীৰ এটা দলে এখন ট্ৰেভেলাৰত চলাছিল এই অভিযান ৷

অভিযানত কঠিয়াতলী আৰক্ষীয়ে ১ কেজি ৩০০ গ্ৰাম গাঞ্জা জব্দ কৰা লগতে দুগৰাকী সৰবৰাহকাৰীক আটক কৰে । আৰক্ষীৰ সূত্ৰৰ সদৰী কৰা মতে, কচুৱা দিশৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ট্ৰেভেলাৰত আহিছিল দুই সৰবৰাহকাৰী ৷ ট্ৰেভেলাৰখনত অভিযান চলাই দুই সৰবৰাহকাৰীৰ লগতে গাঞ্জাখিনি জব্দ কৰে আৰক্ষীয়ে ৷

গাঞ্জা সহ দুই সৰবৰাহকাৰীক আটক কঠিয়াতলী আৰক্ষীৰ

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

দুই সৰবৰাহকাৰীৰ নাম ক্ৰমে মন্নছ আলী আৰু হৰজত আলী ৷ ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিপাৰত ৷ অধিক তথ্যৰ বাবে মন্নছ আলী আৰু হৰজত আলীক সোধ-পোচ অব্যাহত ৰাখিছে কঠিয়াতলী আৰক্ষীয়ে ৷

উল্লেখ্য যে, নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা নিচা জাতীয় সামগ্ৰী অবাধ বেহা বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সফল হ'ব পৰা নাই ৷ এতিয়াও জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত ড্ৰাগছ, গাঞ্জাৰ দৰে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ ৷

লগতে পঢ়ক: বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি; লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.