ETV Bharat / state

ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত খাদ্য সুৰক্ষা বিষয়া

author img

By

Published : Apr 29, 2022, 3:19 PM IST

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত ঘোচখোৰ খাদ্য সুৰক্ষাৰ পৰিদৰ্শক (Food safety inspector arrested in Nagaon)৷ খাদ্য সুৰক্ষাৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন লৈ নগাঁৱত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিদৰ্শক বিৰিঞ্চি কুমাৰ কাৰ্জী (Food safety inspector allegedly taking bribe)৷

Food safety inspector arrested in Nagaon
দুৰ্নীতি নিবাৰক শাখাৰ জালত নগাঁৱৰ খাদ্য পৰিদৰ্শক

নগাঁও, 29 এপ্ৰিল: নগাঁৱত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । উৎকোচ লোৱা অৱস্থাত হাতে-লোটে জালত পৰিল খাদ্য সুৰক্ষাৰ এগৰাকী পৰিদৰ্শক (Food safety inspector arrested in Nagaon)। খাদ্য সুৰক্ষাৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত এগৰাকী ব্যৱসায়ীৰ পৰা এক লাখ টকা দাবী কৰিছিল পৰিদৰ্শক বিৰিঞ্চি কুমাৰ কাৰ্জীয়ে (Food safety inspector allegedly taking bribe)।

আগধন হিচাপে ১০ হাজাৰ ৫০০ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে কাৰ্জী । বৰ্তমানেও দুৰ্নীতি নিবাৰক শাখাৰ দলে জেৰা অব্যাহত ৰাখিছে খাদ্য সুৰক্ষা পৰিদৰ্শক বিৰিঞ্চি কাৰ্জীক ।

লগতে পঢ়ক: দুৰ্নীতি আৰু লবীয়ে কংগ্ৰেছ দলক ভাঙি পেলাইছে : শৰৎ বৰকটকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.