ETV Bharat / state

অসমীয়া ভাষাক অপমান : প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 22, 2021, 7:54 PM IST

Ex ulfa cadre reaction on insulting Assamese language in Silchar
অসমীয়া ভাষাক অপমান কৰাক লৈ ক্ষোভিত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি

বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ ক্ষুদ্ধ হৈ পৰিছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি । অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বিৰোধিতা কৰি শিলচৰত জলজীৱন মিছনৰ বিজ্ঞাপনৰ হৰ্ডিঙত ক'লা ৰং সানি দিয়া হৈছিল । এতিয়া এই ঘটনাৰে জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে ।

নগাঁও, ২২ অক্টোবৰ: অসমতে অসমীয়া ভাষাক অপমান । বৰাক উপত্যকাত অসমীয়া ভাষাক অপমান কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে । এই কাণ্ডক লৈ বিভিন্ন দল-সংগঠনে ক্ষোভিত হৈ পৰিছে । শুকুৰবাৰে নগাঁৱত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক বিজয় হাজৰিকাই কয় যে, অসমত পুনৰ ১৯৬০-৭২ৰ পৰিৱেশ ঘূৰি আহিব নালাগে । দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সম্পাদকগৰাকীয়ে ।

প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, কেইদিনমান পূৰ্বে শিলচৰত অসমীয়া ভাষাত থকা জলজীৱন মিছনৰ বিজ্ঞাপনৰ হৰ্ডিঙত ক'লা ৰং সানি দিয়া হৈছিল । এই ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও পুনৰ জামিনত মুকলি কৰি দিয়ে । মাতৃভাষাক অপমান কৰা ঘটনাৰে জড়িত অভিযুক্তই জামিন লাভ কৰাক লৈ এতিয়া পুনৰ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমীয়া ভাষাৰ ওপৰত এনে আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক বিজয় হাজৰিকাই । লগতে বৰাক উপত্যকাৰ এই ঘটনাৰে জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ।

অসমত অসমীয়া আৰু বঙালী লোকৰ মাজত থকা সমন্বয় অটুট ৰাখিবলৈও আহ্বান জনায় । অসমত ১৯৬০ চনৰ পৰা ১৯৭২ চনলৈ হোৱা পৰিৱেশ পুনৰ অহাটো বিচৰা নাই বুলিও মন্তব্য কৰে বিজয় হাজৰিকাই । তেওঁ কয় যে, অসমীয়া ভাষাক অপমান কৰাৰ পৰিৱৰ্তে এতিয়া বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে সকলোৱে একগোট হৈ প্ৰতিবাদ কৰিব লাগিছিল । তেওঁ লগতে কয় যে, অসমীয়া, বঙালী এই সকলো ভাষাকে সন্মান কৰা উচিত ।

লগতে পঢ়ক : ভূপেন বৰাৰ কথাৰ কোনো মূল্য নাই : দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.