ETV Bharat / state

Elephant Terror at Kaliabor: চৰকাৰে হাতী খেদাৰ ব‍্যৱস্থা নকৰিলে আত্মহত্যাৰ ভাবুকি ভুক্তভোগীৰ

author img

By

Published : Jan 22, 2023, 8:55 PM IST

কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব‍্যাহত (Elephant terror at Nagaon) । পুনৰ জখলাবন্ধা দেৱসত্ৰ গাঁৱত হাতীৰ সন্ত্ৰাস । মন্ত্ৰীৰ আশ্বাসেও গা-লৰাব পৰা নাই বন বিভাগৰ । উপদ্ৰৱৰ পৰা পৰিত্ৰাণ নাপাই আত্মহত‍্যাৰ ভাবুকি ক্ষুব্ধ ৰাইজৰ ।

Elephant menace in Nagaon
কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

কলিয়াবৰ, ২২জানুৱাৰী: চৰকাৰে বন্য়হস্তীৰ উপদ্ৰৱ প্ৰতিৰোধৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱ অব্যাহত আছে । ৰাজ্য়ৰ বিভিন্ন জিলাৰ লগতে কলিয়াবৰকে ধৰি কেইবাটাও অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে উপদ্ৰৱ চলোৱাত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । অঞ্চলটোত বন্য়হস্তীৰ জাকে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে (Elephant menace in Nagaon)। জিলাখনত খাদ্যৰ অভাৱৰ বাবে বন্যহস্তীৰ জনাঞ্চললৈ আগমন হোৱাত শংকিত হৈ পৰিছে হাজাৰ হাজাৰ ৰাইজ ।

বন বিভাগে হাতীৰ আক্ৰমণ প্ৰতিৰোধ কৰাত ব্য়ৰ্থ হোৱাত এইবাৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে । কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটায়ো ঘৰখন ৰক্ষা কৰিব নোৱাৰি ক্ষুব্ধ হৈছে ৰাইজ । আনকি ক্ষুব্ধ ভুক্তভোগী মহিলাই দেওবাৰে আত্মহত‍্যাৰ ভাবুকি দি কয়," চৰকাৰে বনৰীয়া হাতী খেদাৰ ব‍্যৱস্থা কৰক অন‍্যথা আত্মহত্যা কৰিব লাগিব আমি ।" যোৱা শনিবাৰে নিশা পুনৰ জখলাবন্ধা দেৱসত্ৰ গাঁৱৰ এটি পৰিয়ালৰ বাসগৃহ বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰে (Elephant terror in Jakhalabandha) । পকী বেৰ, খিৰিকী, বাঁহৰ বেৰ ভাঙি পৰিয়ালটোৰ আচবাব নষ্ট কৰাৰ লগতে চৰকাৰী সাহৰ্য‍্যৰ দুবেলাৰ চাউলমুঠিও খাই অনিষ্ট কৰে ।

উল্লেখ্য় যে এই অঞ্চলটোত প্ৰতি নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই হাতী খেদাৰ ব‍্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিছিল যদিও কোনো সুফল নাপালে ৰাইজে (Public demand for protection from elephant)। সমীপতে থকা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আৱন্টিত চাউল মজুত থকা চতিয়াল সমবায় সমিতিৰ গুদাম গৃহটোও এতিয়ালৈকে চাৰিবাৰ ভাঙি চাউল খোৱাৰ লগতে অনিষ্টও কৰে। ঢাল-তৰোৱাল নোহোৱা বন বিভাগে হাতী খেদাত বিফল হোৱাত এতিয়া কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গঞা নিৰাপত্তাহীনতাত ভুগিছে ।

ইতিমধ্য়ে এই অঞ্চলটোৰ বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ (Kaziranga) পৰা জাকে জাকে ওলাই আহি বন্য হস্তীয়ে কেইবাটাও পৰিয়ালৰ ঘৰৰ লগতে দোকান, ভঁৰাল ভাঙি অনিষ্ট কৰিছে । মন্ত্ৰীৰ নিৰ্দেশৰ পিছত নিশা হ'লে জখলাবন্ধা আৰু শিলঘাট বনবিভাগে ৰাইজৰ মাজত উপস্থিত হয় । বিভাগটোৰ কৰ্মীয়ে ফটকা ফুটাই হাতী খেদিবৰ বাবে চেষ্টা কৰি আহিছে যদিও এতিয়ালৈকে প্ৰতিৰোধ কৰিব পৰা নাই । ইপিনে, বন বিভাগৰ লোক সময়ত ঘটনাস্থলীত উপস্থিত নহয় বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: Power cut in Car Parking : অন্ধকাৰত ডুব গৈছে উত্তৰ পূবৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.