ETV Bharat / state

ক’ত আছে হাতীৰ মূৰ সদৃশ শিলত খোদিত মহিষ মৰ্দিনীৰ মূৰ্তি ?

author img

By

Published : Oct 13, 2021, 8:21 PM IST

Updated : Oct 14, 2021, 6:58 PM IST

Durga Puja celebrate
শিলত খুদিত এটি দুৰ্গাৰ প্ৰতিমা

শিলত খোদিত এটি দুৰ্গাৰ প্ৰতিমা ৷ স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা এটি মহিষ মৰ্দিনীৰ মূৰ্তিটো ৷ ক’ত আছে এই বিশেষ মূৰ্তিটো আছে ? সবিশেষ এই প্ৰতিবেদনত...

কলিয়াবৰ, 13 অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দুৰ্গা পূজা । কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে পৰিপূৰ্ণ এক প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষ মৰ্দিনীৰ এটি বিশেষ মন্দিৰ । হাতীৰ মূৰ সদৃশ এটি শিলত ১৬৬৭ শক ইং ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভূজা দুৰ্গা দেৱীৰ মূৰ্তি খোদিত কৰি প্ৰতিষ্ঠা কৰিছিল এই দুৰ্গা মন্দিৰটি । সেইবাবেই অঞ্চলটোৰ নাম হ'ল হাতীমূৰা ।

Durga Puja celebrate
শিলত খোদিত এটি দুৰ্গাৰ প্ৰতিমা

শিলত খোদিত দুৰ্গা প্ৰতিমাৰ বাবে বিখ্যাত এই দশভূজা মন্দিৰ ৷ সু-নিপুণ খনিকৰ ডাঃ জ্যোতিষ চৌহানৰ হাতৰ পৰশত বেল গছৰ কাঠেৰে নিৰ্মিত দুৰ্গা দেৱীৰ মূৰ্তিৰে পালিত হৈছে দশভূজা দুৰ্গা পূজা ৷ মন্দিৰটিলৈ সোমাই যোৱা বাটতে এজোপা পুৰণি বৰগছৰ কাষতে আছে প্ৰকাণ্ড শিলত কটা গণেশৰ মূৰ্তি । হাতীমূৰালৈ মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজে মুকলি আকাশৰ তলত থকা গণেশৰ মূৰ্তিত কৰি আহিছে পূজা-অৰ্চনা ।

লগতে পঢ়ক : টীয়কৰ ঐতিহাসিক হিন্দু ধৰ্মোৎসৱ সংঘৰ মন্দিৰত মহাষ্টমী পূজা

প্ৰতিবছৰে হতীমূৰাৰ দুৰ্গা মন্দিৰত উলহ-মালহেৰে উদযাপিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ । এইবাৰো দুৰ্গোৎসৱ পালন কৰিছে ঐতিহ্যমণ্ডিত মন্দিৰটিত । দুৰ্গোৎসৱৰ প্ৰতিটো দিনতে ভক্তৰ সমাগম ঘটে হাতীমূৰাৰ দুৰ্গা মন্দিৰলৈ ।

ক’ত আছে হাতীৰ মূৰ সদৃশ শিলত খোদিত মহিষ মৰ্দিনীৰ মূৰ্তি ?

দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দুৰ্গোৎসৱৰ মহা অষ্টমী । পূৰ্বৰ দৰে এইবাৰ কলিয়াবৰত নাই পূজাৰ জাকজমকতা পূৰ্ণ পৰিৱেশ । চৰকাৰী ক’ভিড বিধি মানি অনুষ্টূপীয়াকৈ অনুষ্ঠিত হৈছে এই পূজা ভাগ ।

কলিয়াবৰত ১৯৭৯ চনৰে পৰা হাটবৰ সাৰ্বজনীন পূজা সমিতিয়েও আয়োজন কৰিছে চৰকাৰী নিয়ম অনুসৰি দুৰ্গা পূজা । কাঠেৰে নিৰ্মিত দুৰ্গা দেৱীক দৰ্শন কৰি মাৰ আৰ্শীবাদ ল'বৰ বাবে দিনটোৰ পুৱাৰে পৰা দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে । মাৰ আশীষ ল’বলৈ অহা প্ৰতিজন ভক্ত প্ৰাণ ৰাইজৰ এটাই আশা ৷ পৃথিৱীৰ পৰা নাশ হওক আসূয়া শক্তি ৷ প্ৰতিষ্ঠা হওক শান্তি ৷

লগতে পঢ়ক : মহাষ্টমী : উখল-মাখল ঐতিহাসিক দেৱী দ’লৰ বাকৰি

Last Updated :Oct 14, 2021, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.