ETV Bharat / state

এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন: দুজনক আটক

author img

By

Published : Jan 10, 2021, 2:31 PM IST

নগাঁৱত এম্বুলেঞ্চৰ সহায়ত চলিছে ড্ৰাগছ সৰবৰাহ । স্থানীয় লোকে জব্দ কৰে নিচাযুক্ত হেৰ’ইন । ঘটনা সন্দৰ্ভত দুজনক আটক ।

drugs seized from ambulance nagaon assam etv bharat news
এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন

নগাঁও,10 জানুৱাৰী: নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সময়তে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য । এম্বুলেঞ্চৰ সহায়ত ড্ৰাগছ সৰবৰাহৰ তথ্য পোহৰলৈ আহিছে মধ্য অসমৰ নগাঁৱত । দেওবাৰে পুৱা ভকতগাঁৱত এখন এম্বুলেঞ্চৰ পৰা স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰা হয় মাৰাত্মক হেৰ’ইন ।

এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন

স্থানীয় লোকে এএছ 21 এইচ 9764 নম্বৰৰ এম্বুলেঞ্চখন আৱদ্ধ কৰি হয়বৰগাঁও থানাত খবৰ দিয়াত আৰক্ষী উপস্থিত হয় জব্দ কৰে হেৰ’ইনখিনি । লগতে এম্বুলেঞ্চখনত থকা নগাঁৱৰ খুঁটিকটিয়াৰ ৰাজু কলিতা আৰু ৰাজ বৰা নামৰ দুজন লোকক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ৰোগী কঢ়িওৱাৰ নামত ব্যক্তিগত এম্বুলেঞ্চৰ সহায়ত এনেদৰে ড্ৰাগছ সৰবৰাহ কৰা কাৰ্যই সতচকিত কৰিছে সচেতন লোকক ।

লগতে চাওকঃ সৰভোগৰ এঠা দৈ অবিহনে আধৰুৱা হেঁপাহৰ ভোগালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.