ETV Bharat / state

Crime in Nagaon:নগাঁৱত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী

author img

By

Published : Aug 9, 2023, 3:10 PM IST

Drugs seized in Nagaon
আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাঁৱত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । বিলাসী বাহনত ড্ৰাগছ সৰবৰাহ । নগাঁৱত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ,জব্দ বিলাসী বাহন । আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী ।

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাঁও, ৯ আগষ্ট: ৰাজ্যত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ এই অভিযানৰ অংশস্বৰূপে ৰাজ্যৰ ভিন্ন ঠাইত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত বহু ব্যৱসায়ী তথা অভিযুক্ত ৷ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে সমদলো উলিয়াইছে । কিন্তু ইয়াৰ মাজতো একাংশই চলাই আছে এনে বেহা ।

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি নগাঁও আৰক্ষীয়েও ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰীয়েও যেন সলনি কৰিছে বৰবিহ সৰবৰাহৰ কৌশল । এইবাৰ বিলাসী বাহনত ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছে সৰবৰাহকাৰীয়ে । কৌশল সলনি কৰিলেও তৎস্বত্বেও ৰক্ষা পোৱা নাই আৰক্ষীৰ দৃষ্টিৰ পৰা । মঙলবাৰে নিশাও নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰে অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰা এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় ।

মঙলবাৰে নিশা নগাঁও আৰক্ষীৰ নগৰ শাখাৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও চহৰৰ ফৌজদাৰী পট্টিত । এই অভিযানত আৰক্ষীৰ দলটোৱে ফৌজদাৰী পট্টিৰ পৰা ৩ টা হেৰ'ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় । AS 02 AH 0104 নম্বৰৰ এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছৰ সৰবৰাহ কৰা বাহনখনো জব্দ কৰে আৰক্ষীৰ দলটোৱে।

ড্ৰাগছ সৰবৰাহত জড়িত তিনি সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । আটকাধীন সৰবৰাহকাৰীকেইটা হৈছে ইৰশ্বাদ হুছেইন, আব্দুল কায়েম আৰু শ্বেৰ জাহান । সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে,বিগত কিছুদিন ধৰিয়েই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বহু সফলতা লাভ কৰি আহিছে নগাঁও আৰক্ষীয়ে । কেৱল ড্ৰাগছেই নহয় চুৰি,ডকাইতিকে ধৰি অন্যান্য অপৰাধো ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও আৰক্ষীয়ে চলাই আহিছে তীব্ৰ অভিযান ।

লগতে পঢ়ক:Police Encounter: এসপ্তাহত গুৱাহাটীত চতুৰ্থটো এনকাউন্টাৰ; আকৌ চোৰৰ ভৰিত আৰক্ষীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.