ETV Bharat / state

DGP G P Singh visited Burachapori: বুঢ়াচাপৰিত পুনৰ সংস্থাপন কৰা হ'ব গঁড় - জি পি সিং

author img

By

Published : Mar 11, 2023, 1:01 PM IST

বেদখল উচ্ছেদৰ পিছতেই বুঢ়াচাপৰি অভয়াৰণ্যত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং (DGP G P Singh visited Burachapori) । বেদখল উচ্ছেদৰ পিছত বন্যপ্ৰাণীয়ে মুক্ত বিচৰণ কৰা বুলি মন্তব্য জি পি সিঙৰ । বুঢ়াচাপৰিত পুনৰ গঁড় সংস্থাপনৰ কথাও উল্লেখ কৰে জি পি সিঙে (Rhino rehabilitated project at burachapori ) । ইফালে বুঢ়াচাপৰিৰ উচ্ছেদিত স্থানত বাঘৰ বিচৰণৰ ফটো শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

burhachapori
বুঢ়াচাপৰি অভয়াৰণ্যত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং

বুঢ়াচাপৰি অভয়াৰণ্যত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং

নগাঁও, 11 মাৰ্চ: বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমিত উচ্ছেদ চলোৱাৰ পিছত শুকুৰবাৰে বিয়লি বুঢ়াচাপৰিত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং (DGP G P Singh visited Burachapori) । বুঢ়াচাপৰিৰ উচ্ছেদিত অঞ্চল পৰিভ্রমণ কৰি পৰিদৰ্শন বাংলোত বন্যপ্ৰাণী বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জি পি সিং । বৈঠকৰ অন্তত বুঢ়াচাপৰি অভয়াৰণ্যক সঠিক ভাৱে সংৰক্ষিত কৰাৰ কথা সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে (Burhachapori Sanctuary proper conservation)।

বুঢ়াচাপৰি অভয়াৰণ্যত এশিঙীয়া গঁড় পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি লৈছে বন্যপ্ৰাণী বিভাগে (Rhino rehabilitated project at burachapori ) । এই কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (G P Singh at burhachapori ) । বুঢ়াচাপৰি অভয়াৰণ্যখন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোজন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে কৰিড'ৰ গঢ়ি তোলাৰ বাবে বন বিভাগে পৰিকল্পনা হাতত লোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে (Rhinos to be rehabilitated at burachapori ) ।

অভয়াৰণ্যৰ ভূমি সংৰক্ষিত কৰাৰ বাবে বনকৰ্মী নিয়োগ কৰি স্থায়ী বন শিবিৰ পতাৰো বন্যপ্ৰাণী বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । অভয়াৰণ্যৰ ভূমি যাতে কোনেও পুনৰ বেদখল কৰিব নোৱাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসন আৰু বন বিভাগে । বুঢ়াচাপৰিৰ পৰা দুই সহস্ৰাধিক বেদখলী পৰিয়ালক উচ্ছেদ কৰাৰ পিছত অভয়াৰণ্যখনলৈ বাঘ আৰু হাতীৰ আগমন ঘটা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে ।

পৰ্যটকৰ বাবে অভয়াৰণ্যখন উপযুক্ত আৰু আকৰ্ষণীয় কৰি গঢ়ি তুলিব ৰাজ্য চৰকাৰে (burachapori wildlife sanctuary) । উল্লেখযোগ্য যে, এশিঙীয়া গঁড়ৰ বাবে বিশ্বৰ ভিতৰতে উপযুক্ত বিচৰণ ভূমি হিচাপে পৰিচিত লাওখোৱা বুঢ়াচাপৰিত 1983 চনত চোৰাং চিকাৰীয়ে পাইকাৰী হাৰত গঁড নিধন কৰি গঁড় শূণ্য কৰি তুলিছিল । পৰবৰ্তী সময়ত কাজিৰঙা আৰু ওৰাঙৰ পৰা আগমন ঘটা গঁড়ো চোৰাং চিকাৰীয়ে নিধন কৰি আহিছিল ।

2016 চনৰ 31 মাৰ্চত কাজিৰঙাৰ পৰা দুটা গঁড় আনি ডব্লিউ ডব্লিউ এফে কাছধৰা বিলৰ পাৰত পুনৰ সংস্থাপিত কৰিছিল যদিও গঁড দুটাক বন বিভাগে উপযুক্তভাৱে ভৰণ পোষণ আৰু চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত অৱহেলা প্ৰদৰ্শন কৰাৰ বাবে গঁড দুটা মৃত্যুৰ মুখত পৰে । ২০১৮ চনত ওৰাঙৰ পৰা পুনৰ এটা গঁড়ে প্ৰৱেশ কৰিছিল লাওখোৱা- বুঢ়াচাপৰিত । গঁড়টোৱে অভয়াৰণ্যৰ পৰিবেশৰ সৈতে নিজকে খাপ খুৱাই তুলিছিল যদিও পিছলৈ ৰহস্য জনক ভাৱে গঁড়টো নিৰুদ্দেশ হয় ।

ইপিনে বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমিত উচ্ছেদ চলোৱাৰ পিছত এতিয়া বিভিন্ন বন্যপ্ৰাণীয়ে মুক্ত বিচৰণ কৰিবলৈ আৰম্ভ কৰিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত বেদখলকৃত বুঢ়াচাপৰিৰ ভূমিত বাঘৰ বিচৰণৰ ফটো আপলোড কৰিছে ।

লগতে পঢ়ক : Jujube cultivation in Dibrugarh : বগৰী খেতিৰে স্বাৱলম্বী টিংখাঙৰ এজন ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.