ETV Bharat / state

মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: চিকিৎসালয়ত চিকিৎসক নথকাৰ অভিযোগ

author img

By

Published : Mar 31, 2022, 6:32 PM IST

চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ দাবী কৰি অহাৰ বিপৰীতে মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ বিধ্বস্ত ৰূপে উদঙাইছে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰকৃত ছবিখন (Devastated form of Mowamari Model Hospital) । তাৰোপৰি আদৰ্শ চিকিৎসালয়খনত চিকিৎসক নথকাৰো অভিযোগ অভিযোগ তুলিছে স্থানীয় লোকসকলে ৷

poor infrastructure in health department
মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ পয়ালগা অৱস্থাই সোঁৱৰাইছে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ প্ৰকৃত স্বৰূপ

ছামগুৰি, ৩১ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদৰ্শ চিকিৎসালয় স্থাপনৰ জৰিয়তে চৰকাৰে চিকিৎসা সেৱাক উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ কথা দাবী কৰি আহিছে । কিন্তু চিকিৎসা সেৱাক উন্নীতকৰণৰ ধাক-ঢোল বজোৱা স্বাস্থ্যখণ্ডৰ আন এখন ছবিহে উদঙাই দিছে মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ ব্যৱস্থাই ।

চিকিৎসালয়খনত নামত ৬ জনকৈ চিকিৎসক আছে ঠিকেই, পাছে এজনতকৈ বেছি চিকিৎসক উপস্থিতহে নাথাকে চিকিৎসালয়খনত । যাৰ পৰিপেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসালয়খনলৈ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আহি উভতি যাব লগাৰ দৰে পৰিস্থিতিও হয় । দিনৰ এক বজাৰ পাছত কৰ্তব্যৰত চিকিৎসক গুছি যোৱাৰ পাছত আদৰ্শ চিকিৎসালয়খনলৈ ৰোগী আহিলে চিকিৎসকক লগ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Devastated form of Mowamari Model Hospital) ।

বিশেষকৈ নিশাৰ ভাগত বিভিন্ন ৰোগ, প্ৰসূতি অথবা জৰুৰীকালীন চিকিৎসাৰ বাবে চিকিৎসালয়খনত নাথাকে কোনো চিকিৎসক । চিকিৎসকৰ অভাৱৰ বাবেই চিকিৎসালয়ৰ সীমাতে লাগি থকা মুৱামাৰী আৰক্ষী চকীৰ কোনো আচামীক দুপৰীয়া এক বজাৰ বজাৰ পাছত আৰক্ষীয়ে মেডিকেল কৰিবলৈ নিব লগা হয় অন্য চিকিৎসালয়লৈ ।

আনহাতে চিকিৎসালয়খনৰ অধ্যক্ষজনৰ ওপৰতো উঠিছে আন এক অভিযোগ । নিজৰ কৰ্তব্যস্থলীত উপস্থিত নাথাকি অধিকভাগ সময় বিভিন্ন স্থানত থকা নিজৰ ক্লিনিকতহে তেখেতে সময় দিয়াৰ অভিযোগ উত্থাপিত হৈছে । দিনটোত আমনিৰ মেচাৰ্চ শান্তি মেডিকেল হল, মুৱামাৰীৰ নাহৰ মেডিকেল, শিৱস্থানৰ মাঁ মেডিকেলৰ লগতে বৰমা আৰু আমবাগানৰ এখনকৈ ফাৰ্মাচীত ৰোগী চাবলৈ যোৱাৰ অভিযোগ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে ।

চৰকাৰী চিকিৎসক হৈ চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান নকৰি নিজৰ ব্যক্তিগত ক্লিনিকতহে চিকিৎসক সকলে গুৰুত্ব দিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.