ETV Bharat / state

Congress protest: হাতত বিচনী লৈ শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নগাঁৱৰ তিনি কংগ্ৰেছ বিধায়ক

author img

By

Published : Jun 13, 2023, 3:53 PM IST

protest against power ministry in Nagaon
Congress workers sat on protest

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে মঙলবাৰে বিৰোধী দলটোৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ নগাঁৱতো প্ৰতিবাদত নামিল কংগ্ৰেছৰ নেতা-কৰ্মী ৷ প্ৰতিবাদত অংশ লৈ চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক ৰকিবুল হুছেইনৰ ৷

প্ৰতিবাদত নামিল নগাঁৱৰ তিনি কংগ্ৰেছ বিধায়ক

নগাঁও, 13 জুন: সমগ্ৰ ৰাজ্যজুৰি মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ, আপ আদি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে ৷ ইয়াৰ অংশ হিচাপে নগাঁৱতো প্ৰতিবাদ কৰিবলৈ ওলাই আহিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে কেইবাগৰাকীও কংগ্ৰেছী বিধায়ক আৰু নেতা-কৰ্মী ৷ নগাঁও ৰাজীৱ ভৱনৰ পৰা দলটোৱে প্ৰতিবাদ আৰম্ভ কৰি উপস্থিত হয়গৈ শক্তি বিভাগৰ নগাঁও জিলাৰ কাৰ্যালয়ৰ সমুখত ৷ হাতে হাতে বিচনী লৈ বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল কংগ্ৰেছৰ নেতা-কৰ্মীসকলক ৷

প্ৰতিবাদৰ মাজতে সংবাদ মাধ্যমৰ যোগেদি একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য তীব্ৰ বাক্য বাণ প্ৰয়োগ কৰে বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে, 24 ঘন্টাই বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে প্ৰতিবছৰে তিনি চাৰিবাৰকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে ৷

লোড শ্বেডিঙৰ নামৰত সঘনাই বিদ্যুৎ কৰ্তন কৰি শক্তিবিভাগে ৰাইজক জলা-কলা খুওৱা বুলি উল্লেখ কৰে বিধায়ক হুছেইনে ৷ জনসাধাৰণৰ সৈতে বিজেপি চৰকাৰৰ নেটৱৰ্ক বিচ্ছিন্ন হোৱা বুলি দাবী কৰি নেটৱৰ্ক বিচাৰি বিজেপিয়ে গণসংযোগ কাৰ্যসূচী আৰম্ভ কৰা বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: AAP Protest in Lakhimpur : লখিমপুৰত আপৰ প্ৰতিবাদত উত্তাল এপিডিচিএলৰ কাৰ্যালয়

ইয়াৰ লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিধায়কৰ পৰা স্মাৰ্ট মিটাৰলৈকে সকলো বিষয় চোৱা-চিতা কৰিবলগীয়া হৈছে ৷ যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অত্যধিক বোজা আহি পৰিছে ৷ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি আন এজনক গৃহ বিভাগৰ দায়িত্ব অৰ্পন কৰিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিয়ে একালৰ নলে-গলে লগা বন্ধু ৰকিবুল হুছেইনে ৷

ইয়াৰ উপৰিও 6 জন গোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ বিধায়কজনে কয় যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰায়সমূহ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানত সাব্যস্ত কৰা এই প্ৰতিবাদত নগাঁৱত ৰকিবুল হুছেইনৰ লগতে অংশ লয় বটদ্ৰবা সমষ্টিৰ বিধায়িকা শিবামণি বৰা, বিধায়ক নুৰুল হুদা, জিলা সভাপতি সুৰেশ বৰাসহ বহুকেইজন কংগ্ৰেছ নেতা-কৰ্মী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.