ETV Bharat / state

Constituency Delimitation in Assam: ৰকিবুল হুছেইনৰ সমষ্টি হ’ব তিনিভাগ !

author img

By

Published : Dec 28, 2022, 6:37 PM IST

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ । সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি ৰকিবুলৰ । বিলুপ্তি হ’বলগীয়া চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন হেনো হ'ব পাৰিব তিনিটাকৈ সমষ্টিৰ বিধায়ক । নুৰুল হুদাৰ ৰূপহীহাটো হ'ব ৰকিবুল হুছেইনৰ টাৰ্গেট(Rockybul Hussain reaction on delimitation) ।

Constituency Delimitation in Assam
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন

নগাঁও, 28 ডিচেম্বৰ: বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ঘোষণা হোৱাৰ পিছতেই অসমৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে নতুন চর্চা । সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে বহু ৰথী-মহাৰথীয়ে হয়তো হেৰুৱাব লাগিব নিজৰ নিজৰ সমষ্টি । একেদৰে পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা নগাঁৱৰ চামগুৰি সমষ্টিও বিলুপ্তি হ'ব পাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে(Reservation in Constituency Delimitation Assam) ।

চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰ্তমানৰ বাজিয়াগাঁও উন্নয়ন খণ্ড আৰু লাওখোৱা উন্নয়ন খণ্ড । ইয়াৰে লাওখোৱা উন্নয়ন খণ্ড বৰ্তমান ৰকিবুল হুছেইনৰে ঘনিষ্ঠ বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট সমষ্টিত সংলগ্ন হোৱাৰ সম্ভাৱনা আছে । আনফালে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ এটা অংশ কলিয়াবৰ আৰু এটা অংশ বঢ়মপুৰ সমষ্টিত সংলগ্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এনেক্ষেত্ৰত ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টি তিনিটা ভাগত বিভক্ত হোৱাৰ সম্ভাৱনাই প্ৰকট ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক লৈ নতুনকৈ চৰ্চা আৰম্ভ হোৱাৰ সময়তে বুধবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে(Rockybul Hussain reaction on delimitation) । নগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মন্তব্য কৰাৰ উপৰিও শাসকীয় বিজেপি দলক চোকা সমালোচনা কৰে ৷

তিনিটাকৈ সমষ্টিত সংলগ্ন হ’বলগীয়া চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে এইবাৰ হেনো তিনিটা সমষ্টিৰ বিধায়ক হ'বলৈ সক্ষম হ'ব । ৫বাৰকৈ বিধায়ক হোৱা ৰকিবুল হুছেইনৰ চামগুৰিক কাটি তিনি টুকুৰাত বিভক্ত কৰা হ'ব বুলি মন্তব্য কৰি ৰূপহীহাট, বঢ়মপুৰ আৰু কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’লে জয়ী হ'ব বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ।

আনকি চামগুৰি সমষ্টিক তিনিটাকৈ সমষ্টিত অন্তৰ্ভুক্ত কৰাত তিনিটা সমষ্টিতেই নিজে অৱতীৰ্ণ নহ’লেও সমষ্টি তিনিটা নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে বিলুপ্তি হ’বলগীয়া চামগুৰি এৰি ৰূপহীহাট সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । বৰ্তমান ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট সমষ্টিৰ ৰকিবুল হুছেইন অৱতীৰ্ণ হ’লে সমষ্টি হেৰুৱাব লাগিব নুৰুল হুদাই ।

উল্লেখযোগ্য যে, পূৰ্বে চামগুৰি সমষ্টিৰ পৰা ভোটাধিকাৰ কৰ্তন কৰি ৰূপহীহাটৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ২০১৬ চনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে নুৰুল হুদা । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণত ৰূপহীহাট সমষ্টিৰ পৰা ৰকিবুল হুছেইন নিৰ্বাচনত অৱতীৰ্ণ হ’লে হয়তো বিধায়ক হোৱাৰ সপোন চুৰমাৰ হ'ব নুৰুল হুদাৰ । অন্যথা পুনৰ ভোটাধিকাৰ কৰ্তনৰ লগতে ৰূপহীহাটৰ ঘৰো ভাঙি আন সমষ্টিলৈ পুনৰ ঢাপলি মেলিব লাগিব নুৰুল হুদাই ।

লগতে পঢ়ক : Constituency Delimitation in Assam : নতুন সমষ্টি জনপ্ৰিয়-ইতিহাসপ্ৰসিদ্ধ ঠাইৰ নামেৰে নামাকৰণ হ’ব: বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.