ETV Bharat / state

Farm Laws Repeal : কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তৰ

author img

By

Published : Nov 21, 2021, 10:28 PM IST

কৃষক বিৰোধী কৃষক আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ সাত শতাধিক কৃষক শ্বহীদৰ ত্যাগে পিছ হুহকিবলৈ বাধ্য কৰালে মোডী চৰকাৰক ৷ যাৰ বাবে নগাঁৱত 15 দিনীয়াকৈ পতা হৈছে কৃষক আইনৰ বিজয় উৎসৱ ৷

Comrade Arup Kumar Mahantar reaction on Farm Laws Repeal act
কৃষক আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তৰ

চামগুৰি, 21 নৱেম্বৰ : শনিবাৰে প্ৰত্যাহাৰ হ’ল কৃষক বিৰোধী কৃষক আইন (Farm Laws Repeal) ৷ অৱশেষত কেন্দ্ৰীয় চৰকাৰে সেও মানিবলৈ বাধ্য হ’ল কৃষকৰ সন্মুখত ৷ এই সন্দৰ্ভত দেওবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কমৰেড অৰূপ কুমাৰ মহন্তই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

তেওঁ উল্লেখ কৰে যে, সাত শতাধিক কৃষক শ্বহীদৰ অবিস্মৰণীয় ত্যাগে ফেচিষ্টবাদী মোডী চৰকাৰক পিছ হুহকিবলৈ বাধ্য কৰালে । সুদীৰ্ঘ এবছৰ কাল ধৰি চলি থকা কৃষক আন্দোলনৰ এয়া এক বৃহৎ বিজয় হিচাপে চিহ্নিত হৈছে । এই কৃষক আন্দোলনৰ পৰা সমগ্ৰ দেশেই অনুপ্ৰাণিত হৈছে ৷

Comrade Arup Kumar Mahantar reaction on Farm Laws Repeal act
প্ৰত্যাহাৰ হ’ল কৃষক বিৰোধী কৃষক আইন

লগতে তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে যি অমানৱীয়ভাৱে সংস্থাপন অবিহনে ৰাজ্যত চলাইছে উচ্ছেদ অভিযান । প্ৰথমে উচ্ছেদিত লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, তাৰ পাচতহে কৰিব লাগে উচ্ছেদ ৷ উচ্ছেদিক পূৰ্ণ সংস্থাপন নিদিয়ালৈকে উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাক সকিয়নী প্ৰদান কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কমৰেড অৰূপ কুমাৰ মহন্তই ৷

Comrade Arup Kumar Mahantar reaction on Farm Laws Repeal act
নগাঁৱত উদযাপন কৃষক আইনৰ বিজয় উৎসৱ উৎসৱ

উল্লেখ্য যে, দেওবাৰৰ পৰা নগাঁৱত উদযাপন কৰা হৈছে কৃষক আইনৰ বিজয় উৎসৱ উৎসৱ ৷ শনিবাৰে প্ৰত্যাহাৰ হোৱা কৃষক বিৰোধী কৃষক আইনৰ এই বিজয় উৎসৱ নগাঁৱত 15 দিনীয়াকৈ উদযাপন কৰা হ’ব ৷ এই বিজয় উৎসৱত সকলো স্তৰৰ লোককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কমৰেড অৰূপ কুমাৰ মহন্তই ৷

কৃষক আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তৰ

লগতে তেওঁ উল্লেখ কৰে যে, ৰাজ্য চৰকাৰে উচ্ছেদ কৰা উচ্ছেদিত ৰাইজৰ পুনৰ সংস্থাপন নিশ্চিত কৰা, এন আৰ চি (NRC) পুনৰীক্ষণ প্ৰত্যাহাৰ কৰা, কা আইন বাতিল কৰা, শ্ৰম ক’ড বাতিল আদিৰ দাবীত শীঘ্ৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: Farm Laws Repeal: কৃষক বিজয় দিৱস পালন নগাঁও জিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.