ETV Bharat / state

Lok Sabha election 2024: সংখ্যালঘুৰ সমৰ্থন বিচাৰি এ আই ইউ ডি এফৰ দুৰ্গত মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী

author img

By

Published : May 12, 2023, 8:28 PM IST

Lok Sabha election 2024
Lok Sabha election 2024

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰিলেও সংখ্যালঘুৰ ভোট লাগিব বিজেপিক ৷ বিজেপিয়ে হিন্দু-মুছলমান সকলোৰে কাম কৰে বাবেই মুছলমানসকলৰো ভোট বিচাৰিব বিজেপিয়ে ৷ এইবাৰ সংখ্যালঘুৰ সমৰ্থন বিচাৰি এ আই ইউ ডি এফৰ দুৰ্গত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Kiren Rijiju at Dhing) ৷

মুছলমানৰ ভোট কিয় লাগিব বিজেপিক ?

নগাঁও,১২ মে’ : সংখ্যালঘুৰ ভোট নালাগে বুলি প্ৰায়েই দম্ভালি শুনা যায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখত ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ একাংশ নেতাই নিবিচাৰে সংখ্যালঘুৰ ভোট ৷ কিন্তু এইবাৰ সংখ্যালঘুৰ সমৰ্থন বিচাৰি এ আই ইউ ডি এফ দলৰেই দুৰ্গত খোপনি পোতাৰ চেষ্টা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰী সভাৰ এগৰাকী মন্ত্ৰীৰ (Lok Sabha election campaign) ৷

শুকুৰবাৰে সংখ্যালঘু অধ্যুষিত নগাঁৱৰ ধিঙত উপস্থিত হৈ এক জনসভা সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ নগাঁৱৰ ধিঙত উপস্থিত হৈ প্ৰথমে ধিঙৰ জগন্নাথ মন্দিৰত সেৱা কৰি আশীষ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Central minister Kiren Rijiju) ৷

উল্লেখযোগ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ পৰা কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্যৰে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ এফালে বিজেপিৰ বিৰুদ্ধে অসমত কংগ্ৰেছৰ নেতৃত্বত ১১ টাকৈ ৰাজনৈতিক দল একত্ৰিত হৈছে, আনফালে কংগ্ৰেছক উৎখাতৰ লক্ষ্যৰে আৰম্ভ কৰিছে ৰণকৌশল ৷ লোকসভা নিৰ্বাচনত অসমৰ কেইবাটাও সমষ্টিৰ দায়িত্ব প্ৰদান কৰিছে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী কিৰেণ ৰিজিজুক (Assam BJP campaign for Lok Sabha election) ৷

ইতিমধ্যেই বিভিন্ন প্ৰান্তত উপস্থিত হৈ কংগ্ৰেছৰ দখলত থকা সমষ্টি উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ৷ শুকুৰবাৰে এ আই ইউ ডি এফৰ দুৰ্গ হিচাবে পৰিচিত ধিং সমষ্টিত উপস্থিত হৈ নাগৰিকৰ সৈতে মত বিনিময় কৰি সমষ্টিটো কিদৰে নিজৰ দখলত ল’ব পাৰে সেই সন্দৰ্ভত দলীয় কৰ্মীৰ সৈতেও আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

ধিঙত অনুষ্ঠিত জনসভাত উপস্থিত বহু সংখ্যালঘু লোকক উদ্দেশ্যি বহুকেইটা মন্তব্য কৰাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে হিন্দু-মুছলমান সকলোৰে উন্নয়নমূলক কামত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি বিজেপিয়েও মুছলমানৰ ভোট বিচাৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

কংগ্ৰেছে মুছলমানসকলক কেৱল ভোট বেংক হিচাবে ব্যৱহাৰ কৰি অহাৰ বুলিও মন্তব্য কিৰেণ ৰিজিজুৰ ৷ বিজেপি মুছলমান বিৰোধী দল বুলি কংগ্ৰেছেহে অপপ্ৰচাৰ চলোৱা বুলিও মন্তব্য ৰিজিজুৰ ৷ কিন্তু এইবাৰ মুছলমানসকলৰো সমৰ্থন লাভ কৰাৰ কথা উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিও বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Lok Sabha election 2024: পুনৰ ভূপেন বৰাক হেমামালিনী হৈ নাচিবলৈ প্ৰত্যাহ্বান আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.