ETV Bharat / state

Cattle thief trapped at Raha: ৰহাত গৰু চোৰ বাহনৰ খুন্দাত নিহত 1, আহত 1

author img

By

Published : Jun 22, 2023, 2:32 PM IST

ৰহাত অঘটন ৷ বিলাসী বাহনেৰে গৰু চোৰ কৰিবলৈ আহি মহতিয়াই নিলে দুই গঞাক ৷ গৰু চোৰৰ বাহনৰ খুন্দাত নিহত ৰহাৰ খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ ৷ গুৰুতৰভাৱে আহত হয় ভদ্ৰেশ্বৰ নাথৰ পত্নী সীমা দেৱী ।

CATTLE THIEF DETAINED BY VILLAGERS AT RAHA
ৰহাৰ খলিহামাৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা

ৰহা, 22 জুন : ৰহাৰ খলিহামাৰীত অঘটন ৷ বুধবাৰে নিশা ৰহাৰ খলিহামাৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । গৰু চোৰৰ গাড়ীৰ খুন্দাত থিতাতে নিহত এজন লোক ৷ নিহত লোকজনৰ নাম ভদ্ৰেশ্বৰ নাথ বুলি জানিব পৰা গৈছে । আনহাতে, এই গৰু চোৰৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । আহত মহিলাগৰাকী নিহত ভদ্ৰেশ্বৰ নাথৰ পত্নী সীমা দেৱী ।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বিধবাৰে নিশা চোৰৰ এটা দলে AS 11 L 7795 নম্বৰৰ এখন বিলাসী বাহন লৈ খলিহামাৰীৰ এঘৰ লোকৰ ঘৰৰ পৰা গৰু চোৰ কৰি পলায়নৰ চেষ্টা কৰিছিল । কিন্তু সেই কথা গম পাই ৰাইজে আগভেঁটি ধৰে বাহনখন ৷ ফলত উপায়ন্তৰ হৈ তীব্ৰ বেগত বিলাসী বাহনখন চলাবলৈ লয় ৷ তেনেতে তীব্ৰবেগী বাহনখনে মহতিয়াই লৈ যায় ভদ্ৰেশ্বৰ নাথ আৰু তেওঁৰ পত্নী সীমা দেৱীক ৷ লগতে এটা দ’ খাৱৈত বাগৰি পৰে বাহনখন ৷

তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ৷ ইফালে 108 সেৱাৰ জৰিয়তে দুৰ্ঘটনাস্থলীৰ পৰা অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত সীমা দেৱীক ৷ বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

আনহাতে, এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা আটাইকেইটা গৰু চোৰ পলায়ন কৰে যদিও জংঘলত লুকাই থকা অৱস্থাত ৰাইজে আটক কৰে এটা চোৰক । ৰাইজে আটক কৰা চোৰটোৱে উল্লেখ কৰা অনুসৰি, চোৰৰ দলটোত আছিল মুঠ চাৰিটা চোৰ ৷ তাৰে তিনিটাই ৰাইজৰ চকুৰ পচাৰতে উক্ত স্থানৰ পৰা পলায়ন কৰে ৷ পিচত উত্তেজিত ৰাইজে ধৃত চোৰটোক উত্তম-মধ্যম শোধাই নিশাই গতাই দিয়ে আৰক্ষীক । ৰাইজে আটক কৰা চোৰটো চামগুৰিৰ খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, ৰহাৰ কামগাঁৱৰ পৰা লুকাই থকা অৱস্থাত ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে আন এটা চোৰক । চোৰটোৰ নাম নাজিৰ হুছেইন বুলি জানিব পৰা গৈছে । অভিযুক্ত নাজিৰ হুছেইনৰ ঘৰ নগাঁৱৰ ৰূপহীত । আনহাতে, বৰ্তমানো পলাতক অৱস্থাত আছে আন দুটা চোৰ ।

লগতে পঢ়ক : Rangia robbery case : ৰঙিয়াত পিষ্টল দেখুৱাই ডকাইতৰ দলে ঘৰৰ পৰাই লুটিলে 10 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.