ETV Bharat / state

Crime in Nagaon: ৰঙালী বিহুৰ প্ৰাক ক্ষণত গৰু চোৰে টোপনি হৰিছে কলিয়াবৰীয়া ৰাইজৰ

author img

By

Published : Mar 28, 2023, 11:04 PM IST

কলিয়াবৰত গৰু চোৰৰ উপদ্ৰৱ অব্য়াহত (Cattle theft in Kaliabor)। গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ পিচতো নিজৰি গাঁৱত চুৰি হ'ল গোহালিৰ বলধ । চোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে ।

Menace of cattle thieves at Kaliabor
কলিয়াবৰত গৰু চোৰৰ উপদ্ৰৱ অব্য়াহত

কলিয়াবৰত গৰু চোৰৰ উপদ্ৰৱ অব্য়াহত

কলিয়াবৰ, ২৮ মাৰ্চ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে ৷ গৰু চোৰৰ উপদ্ৰৱৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁৱৰ ৰাইজে ৷ ৰাজ্য়ৰ আন জিলাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰৰ গাঁও সমূহৰ পৰা চোৰে গৰু চুৰি কৰা কোনো নতুন কথা নহয় যদিও, বিগত কিছুদিন ধৰি চোৰৰ উপদ্ৰৱ অধিক বৃদ্ধি পাইছে । আৰক্ষীক এই সন্দৰ্ভত অভিযোগ প্ৰদান কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ কলিয়াবৰৰ বিভিন্ন গাঁৱত বহুকেইটা গৰু চুৰিৰ ঘটনা পোহৰলৈ আহিছে (Menace of cattle thieves at Kaliabor)।

কলিয়াবৰৰ নিজৰি গাঁৱৰ এটি দুখীয়া পৰিয়ালৰ এহাল গৰু চুৰি হোৱাত পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে (Cattle theft at Kaliabor)। এতিয়া উদং গোহালিলৈ চাই চকুলো টুকিছে গৃহিনীয়ে । জল জীৱন মিছনে ঢুকি নোপোৱা গাঁওখনৰ পৰিয়ালটোৱে গৰু বিক্ৰী কৰি এটা দমকল বহুওৱাৰ পৰিকল্পনা কৰিছিল । এই পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱাৰ পূৰ্বেই চুৰি হয় বলধহাল । দেখাত সাধাৰণ চুৰি ঘটনা হ'লেও এটা দুখীয়া পৰিয়ালৰ উপাৰ্জনৰ সমল বলধ গৰুহাল চুৰ কৰি নিয়াৰ পাচত ভাগি পৰিছে পৰিয়ালটো (Cattle theft news) ।

অতি মৰমৰে পালন কৰা এই বলধহালৰেই যোৱা বছৰ খেতিৰ কাম শেষ কৰিছিল পৰিয়ালটোৱে । আপোন ঘৰখনৰ অভাৱ পূৰণ কৰিবলৈ বিক্ৰীৰ বাবে ৰাখিছিল বলধ গৰু দুটা । আৰ্থিকভাৱে অতি দৰিদ্ৰ কলিয়াবৰ নিজৰি গাঁৱৰ শান্তি টপ্প'ই গৰু বিক্ৰী কৰি পোৱা ধনেৰে ঘৰখনৰ যাৱতীয় বস্তু কিনিবলৈ মন মেলিছিল । এইবাৰ বলধ গৰু দুটাকে বিক্ৰী কৰি ঘৰত দমকল বহুৱাৰ কথা আছিল । কিন্তু নিশাই চোৰে বলধ দুটা চুৰ কৰি উদং কৰিলে গোহালি ।

লগতে পঢ়ক:Chirang Irrigation Project : চিদলিৰ বিধায়কৰ প্ৰতিশ্ৰুতি অসাৰ, ৰাইজে নিৰ্মাণ কৰিলে জলসিঞ্চন বান্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.