ETV Bharat / state

Brother sister duo held in drugs case: নগাঁৱত ড্ৰাগৰ বেহাত জড়িত ভাতৃ ভগ্নীক গ্ৰেপ্তাৰ

author img

By

Published : Feb 8, 2023, 12:41 PM IST

নগাঁৱত ড্ৰাগছৰ বেহাত এইবাৰ ভাতৃ ভগ্নীৰ যুটি জড়িত থকাৰ খবৰ পোহৰলৈ আহিছে । নগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জালত পৰিছে ড্ৰাগছ ব্যৱসায়ত জড়িত ভাতৃ ভগ্নীৰ এটি যুটি । জব্দ হৈছে হেৰ’ইন (Brother sister arrested for drug smuggling in Nagaon) ।

Brother and sister arrested for drug trafficking in Nagaon
নগাঁৱত আটক দুই ড্ৰাগছ ব্যৱসায়ী ভাতৃ ভগ্নী

নগাঁৱত আটক দুই ড্ৰাগছ ব্যৱসায়ী ভাতৃ ভগ্নী

নগাঁও, 8 জানুৱাৰী: নিষিদ্ধ ড্ৰাগছে ছানি ধৰা নগাঁৱত জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission in Assam)। মঙলবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত পোহৰলৈ আহিছে ভাতৃ ভগ্নীৰ এটি যুটি ড্ৰাগছৰ বেহাত জড়িত থকাৰ তথ্য (Brother sister duo held in drugs case in Nagaon) ।

মঙলবাৰে দিনৰ ভাগত ৰূপহীহাটৰ পৰা ড্ৰাগছসহ মোবাৰক আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । পৰৱৰ্তী সময়ত নিশা নগাঁৱৰ জাজৰীত মোবাৰক আলীৰ ভগ্নী তছলি খাতুনৰ স্বামী গৃহতো আৰক্ষীয়ে চলাইছিল অভিযান । মানগাঁৱৰ জাজৰিত চলোৱা অভিযানত হেৰ'ইনসহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Drugs Peddler arrested in Nagaon) ।

ধৃত মহিলা গৰাকী মোবাৰক আলীৰ ভগ্নী তাছমিনা খাতুন (Drugs seized in Nagaon)। নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জাজৰি থানাৰ আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান । অভিযানৰ সময়তেই তিনিটাকৈ হেৰ'ইন ভৰ্ত্তি চাবোনৰ বাকচৰ লগতে আৰক্ষীৰ দলটোয়ে এখন স্কুটীও জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Drugs Seized in Guwahati: বিধানসভাৰ কাৰ পাছ থকা বাহনত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ

নিশা নগাঁও আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা মহিলাগৰাকীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি অৰ্থাৎ পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ পিছৰ পৰাই নগাঁৱত পুনৰ সক্ৰিয় হৈ পৰিছিল ড্ৰাগছ সৰবৰাহ ।

কিন্তু শেহতীয়াকৈ নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা এ পি এছ বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বহু ক্ষেত্ৰত সফল হৈছে যদিও এতিয়াও গোপনে ড্ৰাগছৰ বেহা চলাই গৈছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক: Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.