ETV Bharat / state

Drugs Seized in Guwahati: বিধানসভাৰ কাৰ পাছ থকা বাহনত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ

author img

By

Published : Feb 3, 2023, 3:03 AM IST

Drugs Seized in Guwahati
অসম বিধানসভাৰ কাৰ পাছ থকা বাহনত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুৱাহাটীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী(Drugs smuggler detained at Noonmati) ৷ সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ মহানগৰ সমিতিৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই সৰবৰাহকাৰীক ৷ অসম বিধান সভাৰ কাৰ পাছ থকা এখন বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি ৷

অসম বিধানসভাৰ কাৰ পাছ থকা বাহনত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুৱাহাটী, 2 ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । কিন্তু এইবাৰ আৰক্ষী নহয়,গুৱাহাটীত ড্ৰাগছ বিৰোধী অভিযানত নামিল এটা হিন্দুত্ববাদী সংগঠন । বৃহস্পতিবাৰে সদৌ অসম হিন্দু সুৰক্ষা সেনাই নুনমাটি আৰক্ষীৰ সহযোগত নুনমাটিৰ ৰাজপথত জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী(Drugs seize in Guwahati) ।

ধৃত সৰবৰাহকাৰী দুটা হৈছে প্ৰাঞ্জল মেধি আৰু বশিষ্ঠ দাস । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা উদ্ধাৰ কৰে প্ৰায় 6 লক্ষাধিক টকাৰ 26 টা হেৰইন ভৰ্তি কণ্টেইনাৰ আৰু 1800 টা য়াবা টেবলেট ।

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, ড্ৰাগছ ব্যৱসায়ী প্ৰাঞ্জল মেধিয়ে অসম বিধানসভাৰ কাৰ পাচ থকা AS 01 BL 0006 নম্বৰৰ নিজৰ স্কৰপিঅ’ বাহনখনত ড্ৰাগছখিনি মজুত কৰি ৰখাৰ তথ্য প্ৰথমে লাভ কৰিছিল সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ মহানগৰ সমিতিয়ে(Assam Hindu Suraksha Sena) । পৰৱৰ্তী সময়ত সংগঠনটোৱে তেওঁলোকৰ বিৰুদ্ধে নিজাববীয়াকৈ অনুসন্ধান চলাই ।

দুই ড্ৰাগছ ব্যৱসায়ী প্ৰাঞ্জল মেধি আৰু বশিষ্ঠ দাসে বৃহস্পতিবাৰে স্কৰপিঅ’ বাহনখনৰে ড্ৰাগছখিনি লৈ নাৰেংগীৰ পৰা নুনমাটিলৈ আহি থকা সময়ত দিনৰ প্ৰায় ডেৰ বজাত নুনমাটি থানাৰ ওচৰত বাহন খন ৰখায় । তাৰ পিচত দুই ড্ৰাগছ সৰবৰাহকাৰীযে বাহনখনত মজুত কৰি ৰখা ড্ৰাগছৰ কেইটামান পেকেট উলিয়াই নলাত পেলাই দিয়াৰ সময়তে সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ কেইজনমান সদস্যই প্ৰত্যক্ষ কৰে ।

পৰবৰ্তী সময়ত সংগঠনটোৱে দিয়া খবৰৰ ভিত্তিত নুনমাটি আৰক্ষী সেই স্থানত উপস্থিত হৈ স্কৰপিঅ’ বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়(Drugs smuggler detained at Noonmati) । অভিযোগ অনুসৰি ধৃত সৰবৰাহকাৰী দুটাই দীর্ঘদিন ধৰি গুৱাহাটীৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ।

ইফালে, ধৃত প্ৰাঞ্জল মেধিৰ পত্নীয়ে লোক দুজন ড্ৰাগছ সৰবৰাহ জড়িত থকাৰ অভিযোগ নস্যাৎ কৰিছে । পাথৰ কুঁৱেৰীৰ মেগজিন পথত থকা ভাৰাঘৰ সংক্ৰান্তত নুনমাটি থানাত এজাহাৰ দিবলৈ আহোঁতে পৰিকল্পনা অনুসৰি স্বামী প্ৰাঞ্জল মেধি আৰু গাড়ীচালক বশিষ্ঠ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি পত্নীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে(Drugs Smuggling in Guwahati) ।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত হিন্দু সুৰক্ষা সেনাৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ এন ডি পি এছ(NDPS) এক্টৰ ২১(চি)/২৭(এ) ধাৰাৰ অধীনত ৩২/২৩ নম্বৰত নুনমাটি থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

কিন্তু লক্ষণীয় কথাটো হ’ল যে, গ্ৰেপ্তাৰ হোৱা প্ৰাঞ্জল মেধিয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নুনমাটি থানাৰ ACP নিলোৎপল ডেকাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰি সম্বোধন কৰিছিল এক সংবাদমেল ৷ ঘৰৰ গৰাকীৰ নিৰ্দেশ অনুসৰি ভাৰাতীয়া প্ৰাঞ্জল মেধিৰ পৰিয়ালক ঘৰ খালী কৰিবলৈ ACP নিলোৎপল ডেকাই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাঞ্জল মেধিয়ে ৷ সেয়েহে, আক্ৰোশমূলভাৱে আৰু পূৰ্ব পৰিকল্পনা অনুসৰি প্ৰাঞ্জল মেধিক ড্ৰাগছৰ ভুৱা গোচৰত আটক কৰা হৈছে বুলিও সম্প্ৰতি উত্থাপন হৈছে অভিযোগ ৷ গতিকে সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰয়োজন এক নিৰপেক্ষ তদন্তৰ ৷

লগতে পঢ়ক: Child marriage case in Assam: ১০ দিনত অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.