ETV Bharat / state

নগাঁৱৰ গৰৈমাৰীৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Sep 2, 2022, 1:25 PM IST

Man Body recovered in Nagaon
নগাঁৱৰ গৰৈমাৰীৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

নগাঁৱত চাঞ্চল্য । পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ (Body of youth found on roadside in Nagaon)। মৃতদেহটো জুৰীয়াৰ দীঘলীআলটিৰ বাহাৰুল ইছলামৰ বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, কিছুদিন পূৰ্বে ৰিহেব চেণ্টাৰত আছিল যুৱকজন ।

নগাঁও, 2 চেপ্টেম্বৰ: নগাঁও চহৰৰ সমীপৰ গৰৈমাৰীৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য । পথৰ দাঁতিত উদ্ধাৰ হোৱা মৃতদেহটো বাহাৰুল ইছলামৰ বুলি জানিব পৰা গৈছে । যুৱকজনৰ ঘৰ জুৰীয়া থানাৰ অন্তৰ্গত দীঘলীআটিত (Body of youth found on roadside) ।

যুৱকজনে নগাঁৱৰ ইছমালপট্টিস্থিত বাসগৃহৰ পৰা বৃহস্পতিবাৰে বিয়লিয়েই ধিং অভিমুখে ৰাওনা হৈছিল । শুকুৰবাৰে পুৱা ৫ বজালৈকে পৰিয়ালৰ সৈতে যুৱকজনৰ যোগাযোগ আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা গৈছৈ । কিন্তু শুকুৰবাৰে ৫ বজাৰ পিছৰ পৰাই কোনো যোগাযোগ হোৱা নাছিল পৰিয়ালৰ সৈতে ৷ তাৰ পিছতে গৰৈমাৰীৰ পথৰ দাঁতিত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । যুৱকজনে ড্ৰাগছ সেৱন কৰিয়েই মৃত্যুমুখত পৰা বুলি স্থানীয় লোকে সন্দেহ কৰাৰ কথা ব্যক্ত কৰে খোদ আৰক্ষীয়ে ।

নগাঁৱৰ গৰৈমাৰীৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

উল্লেখ্য যে, কিছুদিন পূৰ্বে যুৱকজন ৰিহাব চেন্টাৰৰ পৰা ওলাই আছিল । ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই ।‌ সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Land dispute: ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.