ETV Bharat / state

কলিয়াবৰত বিহু নৃত্যৰ কৰ্মশালা আৰম্ভ

author img

By

Published : Apr 3, 2021, 10:37 AM IST

কলিয়াবৰত আছুৰ উদ‍্যাগত বিহু নৃত‍্য আৰু ঢোল বাদনৰ কৰ্মশালা । ২ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ চলিব এই বিহু কৰ্মশালা ।

কলিয়াবৰত বিহু কৰ্মশালা আৰম্ভ
কলিয়াবৰত বিহু কৰ্মশালা আৰম্ভ

কলিয়াবৰ,৩ এপ্ৰিল: নিৰ্বাচনৰ মাজতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰিছে এক বিহু কৰ্মশালা কাৰ্যসূচী ৷ কলিয়াবৰৰ হাটবৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় এই কৰ্মশালাৰ ৷ কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত কলিয়াবৰৰ বহুকেইগৰাকী বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে ।

কলিয়াবৰত বিহু নৃত্যৰ কৰ্মশালা আৰম্ভ
কলিয়াবৰত বিহু নৃত্যৰ কৰ্মশালা আৰম্ভ

বিশিষ্ট শিল্পী ঢোলৰ ওজা সোমনাথ বৰাৰ ঢোলৰ ৰগৰেৰে আৰম্ভণি কৰা হয় কৰ্মশালাখনি ৷ ২ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ চলিব লগা কৰ্মশালা উদ্বোধনী অনুষ্ঠানত প্ৰায় পাঁচশ প্ৰশিক্ষাৰ্থীয়ে ভাগ লয় । প্ৰথম দিনাখনৰ কাৰ্যসূচীত ঢোলৰ ওজা সোমনাথ বৰাৰ নেতৃত্বত হাটবৰ হাজাৰ পথাৰত নাচনী-ঢুলীয়াৰ সমাহাৰ ঘটে ।

লগতে পঢ়ক: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.