ETV Bharat / state

কৰ’ণা ভাইৰাছৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী ভেলাঘৰ

author img

By

Published : Jan 10, 2021, 9:56 AM IST

বিশ্বজুৰি কৰ’ণা, প্ৰাণৰ সংশয়, আহা সবে মিলি কৰো প্ৰতিৰোধ নিশ্চয়- শীৰ্ষক এই শ্লোগানেৰে বিশ্ববাসীক মহামাৰীবিধৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াসেৰে ৰহাত নিৰ্মাণ কৰা হৈছে এটি ব্যতিক্ৰমী ভেলাঘৰ ৷ কৰ’ণা ভাইৰাছৰ লেখীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ভেলাঘৰটো ৷

bihu preparation in raha nagaon assam etv bharat news
কৰ’ণা ভাইৰাছৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী ভেলাঘৰ

ৰহা,10 জানুৱাৰী: ৰাজ্যত এতিয়া ভোগালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজ্যবাসীয়ে সাজি উলিয়াইছে ভেলাঘৰৰ লগতে মেজিসমূহ ৷ মেজি সজাৰ অঘোষিত প্ৰতিযোগিতা অব্যাহত আছে ভিন্ন প্ৰান্তত ৷ কৰ’ণাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছতে ৰাজ্যবাসীয়ে বিগত বৰ্ষৰ বিভীষিকা পাহৰি ভোগালীক আদৰাৰ বাবে সাজু হৈছে ৷ নগাঁৱৰ ৰহাৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এটা কৰ’ণা আকৃতিৰ ভেলাঘৰে ৷ ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতি নামৰ ব্যক্তিগৰাকীয়ে সাজি উলিয়াইছে কৰ’ণা ভাইৰাছৰ আকৃতিৰ এটা ভেলাঘৰ ৷ প্ৰতিবছৰে ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি অহা ব্যক্তিগৰাকীয়ে কৰ’ণা প্ৰতিৰোধৰ আশাতে এই ভেলাঘৰ সাজি উলিয়ায় ৷

কৰ’ণা ভাইৰাছৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী ভেলাঘৰ

বিশ্বজুৰি কৰ’ণা, প্ৰাণৰ সংশয়, আহা সবে মিলি কৰো প্ৰতিৰোধ নিশ্চয়- শীৰ্ষক এই শ্লোগানেৰে বিশ্ববাসীক মহামাৰীবিধৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াসেৰে এই দৃশ্য প্ৰতিফলিত কৰা হৈছে ভেলাঘৰটোত ৷ শনিবাৰে এই ব্যতিক্ৰমী ভেলাঘৰটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে ৷

লগতে চাওকঃ মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.