ETV Bharat / state

কেনেদৰে চলিছে ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ উদ্যোগ

author img

By

Published : Jul 11, 2020, 2:35 PM IST

Updated : Jul 11, 2020, 4:47 PM IST

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ আৰু লক্ ডাউনে এতিয়া চৰম সংকট নমাই আনিছে শিল্প উদ্যোগটোলৈ । উদ্যোগটোৰ সৈতে জড়িত প্ৰায় তিনি শতাধিক শিল্পী,কৰ্মচাৰীৰ পৰিয়াললৈও এতিয়া ভাবুকি কঢ়িয়াইছে কৰ'ণা সৃষ্ট পৰিৱেশে । বিগত প্ৰায় পাঁচ মাহ ধৰি একপ্ৰকাৰ বন্ধ হৈ আছে গহনা বিক্ৰী প্ৰতিষ্ঠান। বন্ধ হৈ আছে অনলাইন বিক্ৰী ।

ASSAMESE TRADITIONAL GOLD JEWELRY INDUSTRY
কেনেদৰে চলিছে ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ উদ্যোগ

নগাঁও, 11 জুলাইঃ লক ডাউনত বিপৰ্যস্ত অসমীয়া গহনাৰ উদ্যোগ। কেঁচা সোণৰ অসমীয়া গহনা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হ'ল অসমীয়া যুৱক । অসমীয়াৰ গহনা নিৰ্মাণ কৰি ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় পর্যায়তো বহু সন্মান লাভ কৰি এতিয়া চৰম সংকটৰ সন্মুখীন হৈছে গহনা উদ্যোগটো । আৰ্থিক সংকটৰ বাবেই পুনৰ চীনা গহনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰো আশংকা আহিছে উদ্যোগটোলৈ।

ASSAMESE TRADITIONAL GOLD JEWELRY INDUSTRY
আন্তৰাষ্ট্ৰীয় পর্যায়তো বহু সন্মান লাভ
চীনা গহনাক প্ৰত্যাহ্বান জনোৱাৰ লগতে অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এটা কোম্পানীৰ অভিযন্তাৰ চাকৰি এৰি নগাঁৱৰ ৰণথলী গাঁৱতেই কেঁচা সোণৰ অসমীয়া গহনাৰ উদ্যোগ আৰম্ভ কৰিছিল গাওঁখনৰে উৎপল বণিয়া এজন অসমীয়া যুৱকে । ২০১৩ চনতেই উৎপল বনীয়া নামৰ এইগৰাকী উদ্যমী যুৱকে প্ৰতিষ্ঠা কৰা এই শিল্প উদ্যোগৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমীয়া গহনা প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস আৰম্ভ কৰিছিল । এখোজ দুখোজকৈ আগবাঢ়িছিল সফলতাৰ দিশে উদ্যোগটো । নিজ ঘৰতে উদ্যোগ স্থাপন কৰি গঢ়া কেঁচা সোণৰ গহনা বিক্ৰীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ডুগডুগী নামৰ প্ৰতিষ্ঠান। আনকি অনলাইনৰ জৰিয়তে বহিঃৰাজ্য তথা বিদেশতো বিক্ৰীৰ ব্যৱস্থা কৰিছিল কেঁচা সোণৰ অসমীয়া গহনা । অসমীয়া গহনাৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱা অসমীয়া যুৱক উৎপল বণিয়াই বিভিন্ন পৰ্যায়ত কেবাটাও সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল ।
কেনেদৰে চলিছে ৰনথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ উদ্যোগ

সফলতাৰ দিশে আগবঢ়াৰ সময়তেই হঠাৎ অমানিশা নামি আহে শিল্প উদ্যোগটোলৈ । সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ আৰু লক ডাউনে এতিয়া চৰম সংকট নমাই আনিছে শিল্প উদ্যোগটোলৈ । উদ্যোগটোৰ সৈতে জড়িত প্ৰায় তিনি শতাধিক শিল্পী,কৰ্মচাৰীৰ পৰিয়াললৈও এতিয়া ভাবুকি কঢ়িয়াইছে কৰ'ণা সৃষ্ট পৰিৱেশে । বিগত প্ৰায় পাঁচ মাহ ধৰি একপ্ৰকাৰ বন্ধ হৈ আছে গহনা বিক্ৰী প্ৰতিষ্ঠান। বন্ধ হৈ আছে অনলাইন বিক্ৰী । বিশেষকৈ বহাগ মাহতে হোৱা লক ডাউনৰ বাবে অসমত বহু বিয়া আদি অনুষ্ঠানো সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে শিল্প উদ্যোগটো । লোকচানৰ সন্মুখীন হৈও এইপৰ্যন্ত কৰ্মচাৰীক দৰমহা আদায় দি আহিছে উদ্যোগটোৰ স্বত্বাধিকাৰী উৎপল বণিয়াই । পুনৰ চীনা গহনাই গ্ৰাস কৰাৰ আশংকাত এতিয়া উদ্যোগটো জীয়াই ৰখাৰ যুদ্ধত অৱতীৰ্ণ হৈছে উৎপল বণিয়া । লক ডাউনে একপ্ৰকাৰ বিপৰ্যস্ত কৰাৰ পিছতো অসমীয়া শিল্প উদ্যোগটো জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সহায় সাহাৰ্য।

ASSAMESE TRADITIONAL GOLD JEWELRY INDUSTRY
আন্তৰাষ্ট্ৰীয় পর্যায়তো বহু সন্মান লাভ

লগতে চাওকঃ অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

Last Updated : Jul 11, 2020, 4:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.