ETV Bharat / state

কোনো সাৰি নাযায় ! এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত জিপি সিঙৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 5:00 PM IST

GP Singh comments on APSC scam
Assam DGP GP Singh

শুকুৰবাৰে নগাঁৱত এ পি এছ চি কেলেংকাৰী, আলফা আদি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ এ পি এছ চি কেলেংকাৰীৰ দোষীক শাস্তি প্ৰদানৰ আশ্বাস ৷

APSC কেলেংকাৰী সন্দৰ্ভত জি পি সিঙৰ মন্তব্য

নগাঁও, 1 ডিচেম্বৰ: বাৰ্ষিক থানা পৰিদৰ্শন কাৰ্যসূচী হাতত লৈ শুকুৰবাৰে নগাঁৱত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং ৷ মধ্য অসমৰ আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীৰ সৈতে নগাঁৱত থানা আৰু আৰক্ষীৰ নিবেশ পৰিদৰ্শন কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ৷ পৰিদৰ্শন কালত নিবেশসমূহত খোৱা পানী, শৌচাগাৰ আদিৰ কিছু সমস্যা থকা বুলি আৰক্ষী সঞ্চালক প্ৰধানক জ্ঞাত কৰে আৰক্ষীসকলে ৷ এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

সাংবাদিকৰ আগত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ বহু চৰ্চিত অসম লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জিপি সিঙে কয় যে দুটা পৰ্যায়ত তদন্ত হৈ আছে ৷ ন্যায়িক তদন্ত আৰু বিভাগীয় তদন্ত দুয়োটাই সমানে চলি আছে ৷ দোষী প্ৰমাণিত হ’লে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এ পি এছ চি কেলেংকাৰীত জড়িত কাকো ৰেহাই দিয়া নহ’ব বুলি দৃঢ়তা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

ইফালে, আলফা সন্দৰ্ভত পুনৰ একে বক্তব্য প্ৰদান কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷ তেওঁ কয় যে অসম এতিয়া আগৰ দৰে হৈ থকা নাই ৷ অসম এতিয়া উন্নয়নৰ পথেৰে আগুৱাই গৈছে ৷ এতিয়াৰ অসম বহু বেলেগ ৷ জংঘলৰ পৰা যুৱকসকলক শান্তিৰ পথলৈ ঘূৰি আহিবলৈ পুনৰ এবাৰ আহ্বান জনালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে ৷

ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআই তদন্ত সন্দৰ্ভত জিপি সিঙে কয় যে চিবিআয়ে ইতিমধ্যে দুখন চাৰ্জশ্বীট দাখিল কৰিছে ৷ এই সন্দৰ্ভত আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ যোৰহাট জিলাত বৰ্ধিত অপৰাধ সন্দৰ্ভত তেওঁ কয় যে আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ প্ৰয়োজনত আৰক্ষী কঠোৰ হ’ব বুলি উল্লেখ কৰে জিপি সিঙে ৷

লগতে পঢ়ক: APSC কেলেংকাৰী; ১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.