ETV Bharat / state

Arohan scheme in Assam: চৰকাৰী বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব একোজনকৈ মেণ্টৰ

author img

By

Published : Jan 5, 2023, 1:31 PM IST

CM scheme Arohan launched in Nagaon
নগাঁও জিলাত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ আঁচনি আৰোহণ

নগাঁও জিলাত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ আঁচনি "আৰোহণ"ৰ (CM scheme Arohan launched in Nagaon)। মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী খৰচত লাভ কৰিব একোজনকৈ মেণ্টৰ। চৰকাৰী আঁচনিখনৰ সফল ৰূপায়নক লৈ তৎপৰ নগাঁও জিলা উপায়ুক্ত। প্ৰতিযোগিতাৰ যুগত সফলতাৰে আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহৰ ।

নগাঁও, 5 জানুৱাৰী: চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো সফলতাৰ বাটেৰে আগবাঢ়ি যাবলৈ আহ্বান জনালে নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । প্ৰতিযোগিতাৰ মাজেৰে নিজকে আগবঢ়াই নিব পৰাটোহে প্ৰকৃত সফলতা । এই মন্তব্য নগাঁৱৰ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ ।

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আজিৰ প্ৰতিযোগিতাৰ যুগত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক একোজনকৈ মেণ্টৰ নিয়োগৰ পৰিকল্পনাৰে গ্ৰহণ কৰিছে আন এক অভিলাষী আঁচনি 'আৰোহণ' (CM scheme Arohan launched in Nagaon)।

চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে ঘোষণা কৰা এই নতুন আঁচনিখনৰ বুধবাৰে নগাঁৱত শুভাৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে নিজৰ ভাষণত এইদৰে মন্তব্য কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি বুধবাৰে নগাঁও জিলাত শুভাৰম্ভ কৰা হয় চৰকাৰী আঁচনি আৰোহণ (Arohan launched in Nagaon) ।

CM scheme Arohan launched in Nagaon
নগাঁও জিলাত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ আঁচনি আৰোহণ

নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সমগ্ৰ শিক্ষা অসমৰ নগাঁও জিলা শাখা আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত মুখ্যমন্ত্ৰী আঁচনি "আৰোহণ"ৰ শুভাৰম্ভ কৰা হয় (Assam Cabinet approved an innovative scheme AROHAN) ।

মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ অন্তৰ্গত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক একোজনকৈ মেণ্টৰ নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে (Assam govt launch Project Arohan)। এই মৰ্মে ২০২২-২৩ ত জিলাখনৰ চৰকাৰী বিদ্যালয়ৰ পৰা নৱম শ্ৰেণীৰ ২৩৩ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰা হৈছে আৰু ইতিমধ্যে ২১২ গৰাকী মেণ্টৰ বাচনি কৰা হৈছে (Arohan scheme in Assam)।

চৰকাৰী আঁচনি আৰোহণৰ অধীনত নিয়োগ কৰা মেণ্টৰসকলে ছাত্ৰ-ছাত্ৰীসকলক দ্বাদশ শ্ৰেণীলৈকে আগবঢ়াই নিব । চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব পৰা আৰোহণ আঁচনিৰ উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত(শিক্ষা) প্ৰশান্ত বৰুৱা, জিলা শিক্ষা পৰিদৰ্শক, সমগ্ৰ শিক্ষা অসমৰ জিলা প্ৰগ্ৰেম বিষয়া আৰু আমন্ত্ৰিত বাচনিকৃত মেণ্টৰ সকল উপস্থিত থাকে ।

মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক আন্তৰিকতাৰে আগুৱাই নিবলৈ নিয়োজিত মেণ্টৰসকলকো আহ্বান জনায় জিলা উপায়ুক্তই । অনুষ্ঠানত চৰকাৰী বিদ্যালয়ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক একোজনকৈ মেণ্টৰ নিয়োগ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা আঁচনি আৰোহণৰ জৰিয়তে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰ পৰা ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হ’ব বুলিও আশাবাদী জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ।

লগতে পঢ়ক: Lakhimpur Sewage Disposal Scheme: সম্পদলৈ ৰূপান্তৰিত লখিমপুৰৰ আৱৰ্জনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.