ETV Bharat / state

অগপৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি; কলিয়াবৰত যুৱ পৰিষদত যোগদান পাঁচ শতাধিকৰ

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 9:15 PM IST

AYP Joining Programme : কলিয়াবৰত অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ যোগদান কাৰ্যসূচী । অসম গণ পৰিষদ দলক সবল কৰিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ

কলিয়াবৰত যুৱ পৰিষদত যোগদান পাঁচ শতাধিকৰ
কলিয়াবৰত যুৱ পৰিষদত যোগদান পাঁচ শতাধিকৰ

কলিয়াবৰত যুৱ পৰিষদত যোগদান পাঁচ শতাধিকৰ

কলিয়াবৰ, ৯ জানুৱাৰী : দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । ৰাজ্যতো ইতিমধ্যে ৰাজনৈতিক তৎপৰতা বৃদ্ধি হোৱা দেখা গৈছে । তাৰে পৰিপ্ৰেক্ষিতত মঙলবাৰে অসম গণ পৰিষদ দলৰ এক যোগদান কাৰ্যসূচী সম্পন্ন হয় । কলিয়াবৰত অনুষ্ঠিত হয় অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ এই যোগদান কাৰ্যসূচী ।

কলিয়াবৰৰ কুঁৱৰীটোলৰ মুক্তিযুঁজাৰু ভৱনত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত যোগদান সমাৰোহত যুৱ পৰিষদত যোগদান কৰে পাঁচ শতাধিক লোকে । অসম যুৱ পৰিষদৰ কলিয়াবৰ বিধানসভা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তৰ লগতে শীৰ্ষ বিষয়ববীয়াসকল । সভাত ভাষণ প্ৰসঙ্গত মন্ত্ৰী মহন্তই অগপ দলক শক্তিশালী কৰিবলৈ নতুনকৈ দলত যোগদান কৰা যুৱ সতীৰ্থসকললৈ আহ্বান জনায় ।

অসমৰ ৰাজনীতিত ধৰ্মনিৰপেক্ষ আঞ্চলিকতাবাদী দল অগপই অসমৰ জনগণৰ স্বাৰ্থত ধাৰাবাহিকভাৱে সেৱা আগবঢ়াই আহিছে । আনহাতে, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই এখন সমৃদ্ধিশালী অসম গঢ়াৰ লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা অগপ দলত যোগদান কৰা পাঁচ শতাধিক যুৱ সতীৰ্থৰ জৰিয়তে এই লক্ষ্য ত্বৰান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে ।

অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কলিয়াবৰ বিধানসভা সমিতিৰ সভাপতি কেশৱ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পুৰষ-মহিলা, যুৱক-যুৱতীসহ বিভিন্ন দল তথা সংগঠনৰ পৰা অগপৰ যুৱ পৰিষদত যোগদান কৰে পাঁচ শতাধিক লোকে । উল্লেখ্য যে বুধবাৰে অসম গণ পৰিষদৰ কাজিৰঙা সংসদীয় সমষ্টি সমিতিৰ উদ্যোগত কলিয়াবৰত এক বুথ সন্মিলনৰ আয়োজন কৰা হৈছে । এই বুথ সন্মিলনৰ পূৰ্বে অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদত যোগদান কৰে এইসকল যুৱকে ।

উল্লেখ্য যে অসমত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ প্ৰধান অংশীদাৰ হৈছে অসম গণ পৰিষদ । আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি মিত্ৰজোঁটেৰে মিত্ৰতাত আছে অগপ । আনহাতে, আগন্তুক সাধাৰণ নিৰ্বাচনত ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই ১১ খন আসনত জয়লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । তেনে ক্ষেত্ৰত অগপই ৩ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । কিন্তু কোনকেইটা সমষ্টি অগপই লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । তাৰ মাজতেই কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে অগপই ব্যাপক নিৰ্বাচনী প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.