ETV Bharat / state

২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Feb 14, 2021, 8:54 PM IST

amit-shah-to-assam-on-25-february
২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে থান দৰ্শন কৰাৰ লগতে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷

নগাঁও,14ফেব্ৰুৱাৰী: ২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে বটদ্ৰৱা থান দৰ্শন কৰাৰ লগতে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷ তদুপৰি প্ৰকল্প নিৰ্মাণস্থলীত বটদ্ৰৱাৰ জনসাধাৰণক উদ্দেশ্যি এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে,গৃহমন্ত্ৰী শ্বাহৰ কাৰ্যসূচীক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷

দেওবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই বটদ্ৰৱা থানত উপস্থিত হৈ থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয় ৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কালত স্থানীয় বিধায়িকা আঙুৰলতা ডেকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে সংগ দিয়ে ৷

২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

আনহাতে,মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰি কয় যে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ প্ৰথম কালছোৱাতে এক সু-পৰিকল্পনাৰ মাজেৰে বটদ্ৰৱা প্ৰকল্প গ্ৰহণ কৰে ৷

তদুপৰি গুৰুজনাৰ বৰ অসমৰ চিন্তাৰেই অসমৰ বিভিন্ন প্ৰান্তৰ লোক এই সভাত উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে 188 কোটি টকাৰ অনুমোদন জনাইছে ৷

লগতে পঢ়কঃ মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.