ETV Bharat / state

Mob lynching: চুৰিৰ অভিযোগত মানসিক ৰোগীক বিজুলী খুঁটাত বান্ধি গণপ্ৰহাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:09 PM IST

Updated : Oct 15, 2023, 3:27 PM IST

Mob lynching
চুৰিৰ অভিযোগত মানসিক ৰোগীক বিজুলী খুঁটাত বান্ধি গণপ্ৰহাৰ

জখলাবন্ধাত গণপ্ৰহাৰৰ ঘটনা ৷ মানসিক ৰোগীক বিজুলী খুঁটাত বান্ধি প্ৰহাৰ কৰা তিনি ব্যৱসায়ীক আৰক্ষীয়ে আটক নকৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

চুৰিৰ অভিযোগত মানসিক ৰোগীক বিজুলী খুঁটাত বান্ধি গণপ্ৰহাৰ

নগাঁও, 15 অক্টোবৰ : কলিয়াবৰৰ জখলাবন্ধাত গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে ৷ মানসিক ৰোগীক বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ তাৰ পিচতে দেওবাৰে এই জঘন্য ঘটনাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ এই প্ৰতিবাদৰ পিচতে তিনি অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত জখলাবন্ধাৰ ব্যৱসায়ী দেৱেন বৰা, ৰাজামণি বৰা, শেখৰ নামৰ এজন ব্যৱসায়ীয়ে এগৰাকী মানসিক ৰোগীক বিদ্যুতৰ খুঁটাত বান্ধি কেইবাঘণ্টা ধৰি মাৰপিট কৰে । জানিব পৰা মতে, মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজনে শেখৰ নামৰ লোকজনৰ দোকানৰ পৰা চুৰি কৰিবলৈ লওঁতেই তিনিওজন ব্যৱসায়ীয়ে যুৱকজনক বান্ধি লৈ জধে-মধে প্ৰহাৰ কৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰি তিনিও ব্যৱসায়ীকে স্থানীয় লোকে বাধা দিবলৈ আহোঁতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

তাৰ পিচত স্থানীয় লোকে জখলাবন্ধা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু আৰক্ষীয়ে ব‍্যৱসায়ীকেইজনৰ বিৰুদ্ধে কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । তাৰ ফলস্বৰূপে শুকুৰবাৰে নিশাৰ পৰা এনেদৰে উত্তপ্ত প্ৰতিবাদ সাব‍্যস্ত কৰে একাংশ দল সংগঠনৰ লোকৰ লগতে স্থানীয় লোকে ৷

আনকি আৰক্ষীয়ে এই সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ অভিযোগত শনিবাৰে নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ কৰা ঘটনাক ছাত্ৰ সংগঠনটোৱে ধিক্কাৰ দিয়াৰ লগতে ব্যৱসায়ী শেখৰ বোথ্ৰাৰ ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ কৰিবলৈ দাবী জনায় ।

ইয়াৰ পাচতে আন দুই অভিযুক্ত পিতা-পুত্ৰ স্থানীয় ব্যৱসায়ী দেৱেন বৰা আৰু ৰাজামণি বৰাৰ বাসগৃহৰ সন্মুখতে ছাত্ৰ সংগঠনটোৱে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীৰ দাবীত শেখৰ বোথ্ৰা নামৰ ব‍্যৱসায়ীজনক আৰক্ষী কৰায়ত্ত কৰে যদিও আন দুই অভিযুক্ত দেৱেন বৰা আৰু ৰাজামণি বৰাক নিশালৈকে আৰক্ষী কৰায়ত্ত কৰা নাই ৷

লগতে পঢ়ক: Transport department launches mobile app :সজাগতাৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিলে মোবাইল এপ

Last Updated :Oct 15, 2023, 3:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.