ETV Bharat / state

শিক্ষকসকলেও নিজৰ সন্তানক চৰকাৰী বিদ্যালয়তেই পঢ়ুৱাব লাগে: অজন্তা নেওগ

author img

By

Published : May 13, 2022, 10:40 PM IST

নগাঁৱৰ হয়বৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ বিত্ত আৰু সমাজকল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ (Ajanta Neog visits government school in Nagaon) । বিদ্যালয়খনৰ শিক্ষক-অভিভাৱকসকলৰ সৈতে আলোচনাত মিলিত হৈ বুজ লয় বিদ্যালয়খনৰ অভাৱ অভিযোগৰ । চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকললৈও গুৰুত্বপূৰ্ণ আহ্বান মন্ত্ৰী অজন্তা নেওগৰ ।

Ajanta Neog visits government school in Nagaon
শিক্ষকসকলেও নিজৰ সন্তানক চৰকাৰী বিদ্যালয়তেই পঢ়ুৱাব লাগে: অজন্তা নেওগ

নগাঁও, 13 মে': "মই চৰকাৰী এল পি স্কুলতে পঢ়িছিলোঁ । মা-দেউতাই মোক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই আদৰ্শ দেখুৱাই গৈছে । চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলেও নিজৰ সন্তানক চৰকাৰী বিদ্যালয়তেই পঢ়ুৱাব লাগে ।" নগাঁৱত উপস্থিত হৈ চৰকাৰী শিক্ষকসকললৈ এই আহ্বান ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ।

শিক্ষকসকলেও নিজৰ সন্তানক চৰকাৰী বিদ্যালয়তেই পঢ়ুৱাব লাগে: অজন্তা নেওগ

তেওঁ আৰু কয় যে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে শিক্ষকসকলে । চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণগত মান উন্নত হলেহে সকলো অভিভাৱক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হ'ব । নগাঁৱৰ হয়বৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ (Haibar gaon girls high school) গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

লগতে বহু বিদ্যালয়ত এজনীয়া শিক্ষকেৰে শিক্ষাদান চলি থকাৰ বিপৰীতে একাংশ বিদ্যালয়ত অধিক শিক্ষক থকা বিষয়টোৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য কৰে । অতি শীঘ্ৰেই অধিক শিক্ষক থকা বিদ্যালয়ৰ শিক্ষকসকলক এজনীয়া শিক্ষকেৰে চলা বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে ।

মন্ত্ৰীগৰাকীয়ে আজি নগাঁৱৰ হয়বৰগাঁও বালিকা বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলৰ সৈতেও মত বিনিময় কৰে ।

লগতে পঢ়ক: NEET PG-22 পৰীক্ষা স্থগিত ৰখা নহ'ব: উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.