ভূপেন হাজৰিকাৰ কুঠৰীৰ ঘৰখনেৰে বিশেষ সম্পৰ্ক থকা এজন ব্যক্তি...

author img

By

Published : Sep 8, 2021, 7:02 AM IST

Updated : Sep 8, 2021, 7:11 AM IST

a-man-with-special-links-to-bhupen-hazarikas-house

বহু ঘাট-প্ৰতিঘাট তথা বিচিত্ৰতাৰে ভৰপূৰ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জীৱন গাঠা ৷ অয়াঙ-দয়াঙে ঘূৰি ফুৰা যাযাবৰী শিল্পী গৰাকীয়ে নিজৰ জীৱন কালত বহু ঠাইত তেওঁৰ স্মৃতিৰ সাঁচ ৰাখি থৈ গৈছে ৷ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত তেনে এক সমল হৈছে কলিয়াবৰৰ কুঠৰীত থকা তেঁওৰ ঘৰখন ৷ এই ঘৰখনতে ভূপেন হাজৰিকাৰ বাবে বহু দায়িত্ব পালন কৰিছিল বৰ্তমান 70 উৰ্ধ্বৰ এজন ব্যক্তিয়ে ৷ কিন্তু কোন এইজন ব্যক্তি ৷

কলিয়াবৰ,7 ছেপ্তেম্বৰ: আজি ভাৰতৰত্ন তথা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্ম দিন ৷ এই বিশেষ দিনটোত বিশ্ববিশ্ৰুত শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে ৷ লগতে শিল্পী গৰাকীৰ সোঁৱৰণত সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ সুধাকন্ঠৰ উপজা দিনটোত আমি আপোনালোকৰ সতে চিনাকী কৰাই দিব খুজিছো একালত সুধাকন্ঠৰ অতি বিশ্বাসী হিচাপে দায়িত্ব সমাপন কৰা এজন ব্যক্তিৰ সতে ৷

ভূপেনদাৰ কুঠৰীৰ আপোন ঘৰখনৰ প্ৰথম ঘৰচোৱা নবৰ আলীয়ে জনাব সুধাকন্ঠৰ সতে পাৰ হোৱা কিছু বিশেষ মূহূৰ্তৰ কথা ৷ ভূপেনদাক সোঁৱৰি আজিও উৎফুল্লিত হৈ পৰে এই গৰাকী নবৰ আলী ৷

নবৰ আলীয়ে সোঁৱৰিলে সুধাকন্ঠৰ সতে পাৰ হোৱা মধূৰ সময়ৰ কথা

আজীৱন উৰণীয়া মৌ ৰূপে খ্যাত সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জীৱন চাহাৰাৰ মৰুদ্যান আছিল কুঠৰী । তেখেতে কৈ গৈছে ‘কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে ৷' সুধাকণ্ঠৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যৰ কুঠৰীৰ ঘৰখনৰ প্ৰতি আছিল প্ৰৱল হেঁপাহ ৷ কুঠৰীৰ ঘৰখনৰ বাদে সংগীত সূৰ্য ড৹ ভূপেন হাজৰিকাৰ নিজাপি ঘৰ নাই ৷ ই কলিয়াবৰীয়াৰ এক অনন্য আপুৰুগীয়া সম্পদ ৷

ড৹ ভূপেন হাজৰিকাই নিজে কৈছিল-কুঠৰীত এটা সাংস্কৃতিক কেন্দ্ৰ আৰু পুত্ৰ তেজৰ ইচ্ছা মতে বৌদ্ধ ধৰ্মাৱলম্বীৰ বাবে জিৰণিস্থল গঢ়ি তোলা হ'ব ৷ কুঠৰীৰ এই ঘৰটিৰ আছে এক অনন্য ইতিহাস ৷ তেওঁ যাযাবৰী জীৱনটো দিহিঙে-দিপাঙে লৈ ফুৰাৰ সময়তো কুঠৰীক বুকুত লৈ ফুৰিছিল ৷ লগতে লৈ ফুৰিছিল তেওঁৰ জীৱনৰ আন দুজন গুৰুত্বপূৰ্ণ ব্যক্তি শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনক ৷

নবৰ আলীয়ে সোঁৱৰিলে সুধাকন্ঠৰ সতে পাৰ হোৱা মধূৰ সময়ৰ কথা

এই দুইগৰাকী ব্যক্তিৰ অধীৰ আগ্ৰহক আওকাণ কৰিব নোৱাৰি কলিয়াবৰৰ কুঠৰীত এখনি নিজাপি ঘৰ সজাৰ সিদ্ধান্ত লৈছিল ভূপেন হাজৰিকাই ৷ সেই উদ্দেশ্যে কুঠৰীত মাটি বিচৰা কামটো দুই কলিয়াবৰীয়াৰ ওপৰতেই দায়িত্ব পৰিল ৷ মাটিও পালে ৷ চাহাব আলীৰ এবিঘা, পদুম বাহাদুৰৰ দুবিঘা, ইচমাইল শ্বেখৰ এবিঘাকে ধৰি প্ৰায় বিশ বিঘা মাটি ভূপেনদাই কিনিলে ৷ 1972 চনৰ আগে-পাছে কুঠৰীত এটি ঘৰো সাজিল ৷ পিছে যাযাবৰী শিল্পীগৰাকীৰ ঘৰটো চোৱা-চিতাৰ বাবে এজন মানুহ প্ৰয়োজন হ'ল ৷

তেতিয়া কিশোৰৰ ঘৰ অতিক্ৰমী এজন যুৱক হৈছিল নবৰ আলী ৷ চন্দ্ৰ ফুকনৰ ঘৰতে থকা এজাক বৃহৎ হাঁহৰ বাবে খাদ্য যোগানৰ কামত ব্যস্ত আছিল নবৰ ৷ এই নবৰ হৈছে ভূপেনদাক মাটি দিয়া চাহাব আলিৰ পুতেক ৷ চন্দ্ৰ ফুকনৰ ঘৰতে নবৰৰ ভূপেনদাৰ লগত দেখা-দেখি ৷ কুঠৰীৰৰ নতুনকৈ কিনা মাটিৰ সীমা নিৰ্দ্ধাৰণ কৰোতে গোপী মণ্ডল নামেৰে প্ৰয়াত গোপী মহন্তৰ লগত শিকলি ধৰাৰ লগতে সীমাৰ খুটা পুতিছিল এতিয়াৰ সত্তৰ গৰকা নবৰে ৷

1972 চনত কুঠৰীৰ ঘৰটো ভূপেনদাৰ সুহৃদ শশী ফুকনৰ তত্বাৱধানত নিৰ্মাণৰ পাছত নবৰ আলিক ভূপেনদাই ঘৰটো চোৱা-চিতাৰ দায়িত্ব দি ক'লে-‘তুমি মোৰ সৰু ভাই ৷ ঘৰ চাবা, মাটি চাবা ৷ এইয়া তোমাৰেই সম্পত্তি ৷’ মাহিলি চাৰিশ বিশ টকাত বন্দোবস্তি হ'ল ৷ সেই বন্দোবস্তিৰে আৰম্ভণিৰে পৰা আঠ বছৰকাল ভূপেন দাৰ ঘৰটো চোৱা-চিতা কৰিলে নবৰ আলীয়ে ৷ ঘৰ হোৱাৰ পাছত ভূপেন দাৰ মাটিত খেতিও কৰিছিল নবৰে ৷ শালি খেতি, শাক-পাচলি, কবি-মূলা, ৰঙালাও, কল আদি বিভিন্ন খেতি ৷

সেই সময়ত ভূপেন হাজৰিকাৰ দুই ভাতৃ অমৰ হাজৰিকা আৰু সমৰ হাজৰিকা আহিও নবৰৰ খেতি চাইছিল ৷ ভূপেনদাই নবৰক অসুবিধা হ'লে ডাঙৰ ডুলিত থোৱা ধান খাবলৈও অনুমতি দিছিল ৷ ভূপেনদাৰ মাটি ৰখীয়া বুলি উপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই মৰমতে কুঠৰীলৈ আহিলে নবৰক মৰমতে টকা দি থৈও যায় ৷

নবৰে অতীতৰ স্মৃতি ৰোমন্থন কৰি কয়, ‘মই ঘৰখন ৰখাৰ সময়ত ভূপেনদা মাহত তিনি-চাৰিবাৰলৈকে আহে ৷ ভূপেনদা আহিলেই শশী ফুকনৰ লগতে ভূপেনদাৰ "জংলী-জংলী দুনীয়াই কয়, জংঘলেই মোৰ ঘৰ" গীতৰ নায়ক জংঘলীও আহে ৷ খুউব আলাপ কৰে ৷ আৰু বহুত মানুহ আহে, বিশ-পঁচিশখন সৰু গাড়ীত মানুহ আহি যায় দাদাৰ ওচৰলৈ ৷’ নবৰে সকলোকে চাহ-পানীৰ যোগান ধৰে ৷

তেনে আলাপতে ভূপেনদাই প্ৰায়ে শশী ফুকনক কৈছিল-"শশী, শেষ বয়সত মই ইয়াতেই থাকিম ৷ তেজৰ নামত ইয়াত কিবা এটা কৰিম। মোৰ মৰাৰ পাচত মোৰ অস্থি ইয়াতে থাকিব।"কেতিযাবা কয়-"নবৰ আজি মই কাকো লগ নকৰো দেই ৷ মই ঘৰত নাই বুলি কবি ৷" ইয়াৰ পাছতে নবৰ সষ্টম হৈ পৰে ৷ কুঠৰীলৈ আহিলে ভূপেনদাৰ বহু কামৰ সংগী হৈ পৰে নবৰ ৷ ভূপেনদাৰ লগত মাছ মাৰিবলৈ যায় ৷ এনেকৈ বৰশী বাই থকাৰ সময়তে সৃষ্টি হৈছিল বহু গীতৰ ৷

"কাজিৰঙা-কাজিৰঙা, ভয়াবহ নহয়, নহয় ই অভয়াৰণ্য, ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জন অৰণ্য" গীতটিৰ ৰচনাৰ সময়ৰ সাক্ষী এই নবৰ আলি ৷ সময় পাৰ হ'ল ৷ ভূপেনদাও অসমৰ পৰা কলকাতা-মুম্বাইত থাকিবলৈ ল'লে ৷ অসমলৈ অহা-যোৱা কমি আহিল ৷ আহিলেও গুৱাহাটীৰে পৰা উভটি যায় ৷ কলিয়াবৰৰ কুঠৰীৰ আপোন ঘৰখনলৈ আহা-যোৱাও কমি আহিল ৷ সুদীৰ্ঘ আঠ বছৰ কাল ভূপেনদাৰ কুঠৰীৰ সংগী হৈ থকাৰ পাছত নবৰ আলি ভূপেন দাৰ পৰা লাহে-লাহে বিচ্ছিন্ন হৈ আহিল ৷

অৱশেষত নবৰে ভূপেনদাৰ ঘৰখন এৰি নিজাকে কিবা এটা কৰিবলৈ বুলি মাছ ধৰা আৰু ব্যৱসায়ত নামি পৰিল ৷ ইয়াৰ পাছত ভূপেনদাৰ ঘৰৰ চোৱা-চিতাৰ ভাৰ দেৰগাঁৱৰ চুৰেন নেওগৰ হাতলৈ গ'ল ৷ সেই ব্যৱসায়েৰে আজিও কোনোমতে চলি আছে নবৰ ৷ চৰকাৰী এটা ঘৰত পৰিয়ালৰ সৈতে চৰম দাৰিদ্ৰতাৰ মাজেৰেই দিন পাৰ কৰিছে একালৰ ভূপেন দাৰ অতি বিশ্বাসী তথা ঘনিষ্ঠ নবৰ আলীয়ে ৷ দৰিদ্ৰতাৰ বাবেই এতিয়া তেওঁৰ স্বাস্থৰো অৱনতি ঘটিছে ৷

সময়বোৰ হেৰাই গলেও কিন্তু আজিও নবৰ আলীৰ মনত সজীৱ হৈ আছে ভূপেনদাৰ স্মৃতি ৷ সেই স্মৃতি সোঁৱৰি আজিও উৎফুল্লিত হৈ উঠে নবৰ আলি ৷ কিন্তু ভূপেনদাৰ মাটি বিক্ৰী হোৱাৰ কথাটোৱে দুখ দিয়ে নবৰ আলীক ৷ চেনেহ লগোৱা মাটি ভূপেনদাই কিয় বিক্ৰী কৰিলে নবৰ আলিৰ বিষয়ে সেইয়া আজিও অবুজ সাঁথৰ ৷ পিছে শেহতীয়াকৈ চৰকাৰে সেই ভূমি অধিগ্ৰহণ কৰি ভূপেনদাৰ স্মৃতি যুগমীয়া কৰিব বুলি শুনি সুখ অনুভৱ কৰিছে নবৰ আলীয়ে ৷

লগতে ভূপেনদাৰ 95 সংখ্যক উপজা দিনটোত ভূপেনদাৰ আত্মাই বৈকুণ্ঠত শান্তিৰে থকাৰ কামনা কৰিছে নবৰ আলীয়ে ৷ কিন্তু নবৰ আলীয়ে নাজানে ভূপেনদাৰ মাটি চৰকাৰৰ হাতলে যোৱাৰ বাটত এতিয়াও আছে আইনী জটিলতা ৷ কলিয়াবৰ মহকুমা প্ৰশাসনে এতিয়াৰ ঘৰখনৰ পৰা ভূপেনদাৰ ঘৰখন চোৱা-চিতা কৰা সুৰেন নেওগক বিতাৰণ কৰি ঘৰ আৰু চৌহদ বাজেয়াপ্ত কৰিছে ৷ এতিয়া কাৰোৰে সেই স্থানত প্ৰৱেশৰ অনুমতি নাই ৷

লগতে পঢ়কঃ আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

Last Updated :Sep 8, 2021, 7:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.