ETV Bharat / state

কলিয়াবৰত বন্য়হস্তীৰ মুক্ত বিচৰণত আতংকিত ৰাইজ

author img

By

Published : Dec 6, 2020, 11:01 AM IST

শোণিতপুৰৰ পাণপুৰ চাপৰিৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰা এটা বনৰীয়া হাতীৰ জাকক লৈ আতংকিত স্থানীয় ৰাইজ ৷ শিলঘাট বনখণ্ডৰ বনকৰ্মীৰ দলে খেদি পঠিওৱাৰ পাচত বুঢ়াচাপৰি অভয়াৰণ্যৰ দিশে গতি কৰিছে হাতীৰ জাকটোৱে ৷

wild elephant in kaliabor
কলিয়াবৰত বন্য়হস্তীৰ মুক্ত বিচৰণ

কলিয়াবৰ,6 ডিচেম্বৰ : কলিয়াবৰৰ শিলঘাটত বন্যহস্তীৰ এটা বৃহৎ জাকৰ বিচৰণ । শোণিতপুৰৰ পাণপুৰ চাপৰিৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰে পোৱালীসহ 12 জনীয়া বন্যহস্তীৰ দলটোৱে ৷

wild elephant in kaliabor
কলিয়াবৰত বন্য়হস্তীৰ মুক্ত বিচৰণ

শনিবাৰে বিয়লি ভাগত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰে শিলঘাটবাসী ৰাইজ ৷ অৱশ্যে পৰৱৰ্তী সময়ত বন্যহস্তীৰ জাকটোক কলিয়াভোমোৰা সেঁতুৰ দিশে খেদি পঠিয়ায় শিলঘাট বনখণ্ডৰ বনকৰ্মীৰ দলে । সম্প্ৰতি বুঢ়াচাপৰি অভয়াৰণ্যৰ দিশে গতি কৰিছে এই বন্যহস্তীৰ জাকটোৱে ।

লগতে পঢ়ক : মুছলপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.