ETV Bharat / state

Independence cup football: নগাঁৱত 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 11:59 AM IST

Independence cup football
নগাঁৱত 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তুংগত কৰিছে নগাঁও ক্ৰীড়া সন্থাই ৷ 26 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা । মুকলি হ’ল ভিডিঅ’ থিম ছং ৷

75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

নগাঁও, 21 অক্টোবৰ: অহা 26 অক্টোবৰৰ পৰা নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা । নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে ৷ হীৰক জয়ন্তী উপলক্ষে অইন বাৰতকৈ এইবাৰ অধিক জাকজমকতাৰে নগাঁও ক্ৰীড়া সন্থাই আয়োজন কৰিছে 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ ।

দিল্লী পুলিচ, অসম আৰক্ষী, কেৰালা, কলকাতাকে ধৰি দেশ তথা উত্তৰ পূৰ্বাঞ্চলৰ কেবাটাও ফুটবল দলে অংশগ্ৰহণ কৰিব নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত । 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে শুকুৰবাৰে বিয়লি মুকলি কৰা হয় এটি ভিডিঅ’ থিম ছং । স্বাধীনতা কাপ ফুটবলৰ থিম ছঙটোত কণ্ঠদান কৰিছে শিল্পী বৰুণ বিকাশে ।

শুকুৰবাৰে বিয়লি নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত থিম ছং মুকলি কৰাৰ লগতে গ্ৰহণ কৰা হয় কেবাটাও সিদ্ধান্ত । 75 সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত নগাঁৱৰ 75 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব নগাঁও ক্ৰীড়া সন্থাই । অহা 26 অক্টোবৰত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰুব জুবিন গাৰ্গ ।

শুকুৰবাৰে বিয়লি নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সংবাদ মেলৰ আয়োজন কৰি 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমযোগে সকলোকে অৱগত কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক: History of durga puja: কেনেকৈ হ’ল পৰম আৰাধ্য দেৱী দুৰ্গাৰ সৃষ্টি? শৰতকালতেই কিয় অনুষ্ঠিত হয় দুৰ্গা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.