108 Mrityunjay Ambulance service: পুৰণি বাহনৰ ব্যৱহাৰেৰে 108 সেৱাক দিছে মৃত্যুদূতৰ ৰূপ !

author img

By

Published : Aug 10, 2022, 8:37 PM IST

108 Mrityunjay Ambulance service
পুৰণি বাহনৰ ব্যৱহাৰেৰে 108 সেৱাক দিছে মৃত্যুদূতৰ ৰূপ ()

শেহতীয়াকৈ মৃত্যদূতৰ ৰূপত অৱতীৰ্ণ হৈছে 108 মৃত্যঞ্জয় সেৱা ৷ তৎকালীন সেৱাৰ বাবে আওপুৰণি গাড়ী ব্যৱহাৰৰ ফলত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে(108 service facing terrible situation in Assam) ৷ ইয়াৰ মাজতে মঙলবাৰে নগাঁৱত ৰোগী থকাৰ অৱস্থাতে দাউদাউকৈ জ্বলি উঠিল এখন মৃত্যুঞ্জয় সেৱাৰ বাহন ৷

নগাঁও,10 আগষ্ট: পুৰণি বাহনৰে চলি আছে 108 মৃত্যুঞ্জয় সেৱাৰ বাহন ৷ ফলত সমস্যাৰ সন্মুখীন হৈছে 108 ত জড়িত কৰ্মচাৰীসকল ৷ বিপদৰ সন্মুখীন হৈ আহিছে সংকটজনক অৱস্থাৰ ৰোগীও ৷

মঙলবাৰে সন্ধিয়া নগাঁৱৰ চেক গেইটৰ সমীপত জ্বলিল এখন 108 এম্বুলেঞ্চ বাহন (108 ambulances burnt down in Nagaon)৷। জুৰীয়াৰ দগাঁৱৰ পৰা সংকটজনক অৱস্থাত থকা এটি নৱজাতকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে অনাৰ সময়তে সংঘটিত হয় ভয়ংকৰ ঘটনাটো । হঠাৎ শ্বৰ্ট চাৰ্কিট হৈ ৰাজপথতে দাউদাউকৈ জ্বলি উঠে এম্বুলেঞ্চখন । লগে লগে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ । বাহনত থকা চালক আৰু মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ সহায়ত কোনোমতে জীৱন্তে উদ্ধাৰ কৰা হয় অসুস্থ নৱজাতকক । কিন্তু সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন ।

পুৰণি বাহনৰ ব্যৱহাৰেৰে 108 সেৱাক দিছে মৃত্যুদূতৰ ৰূপ

২০০৮ চনৰ পৰাই ৰাজ্যত আৰম্ভ কৰা 108 মৃত্যুঞ্জয় সেৱাত এতিয়াও ব্যৱহৃত হৈ আছে বহু পুৰণি বাহন । এইসমূহ পুৰণা বাহনেৰেই ক’ভিড-19 মহামাৰীৰ সময়তো নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি সেৱা আগবঢ়াইছিল মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে ৷ ৰাজ্যত 108 মৃত্যুঞ্জয় সেৱাত ব্যৱহাৰ কৰা হৈছে মুঠ ৭৯৩ খন বাহন ৷ কিন্তু এতিয়া ইয়াৰে ৫০ শতাংশ বাহনেই পুৰণি (Old vehicle using in 108 Mrityunjay Ambulance)। নগাঁও আৰু হোজাই জিলাত ব্যৱহৃত হৈ আছে ৬১ খন বাহন ৷ ইয়াৰে প্ৰায় ৩০ খন বাহনেই পুৰণি ৷

চাৰি লাখৰো অধিক কিলোমিটাৰ ব্যৱহাৰ হোৱা বাহন এতিয়াও ব্যৱহৃত হৈছে সংকটজনক ৰোগী কঢ়িওৱাত । যাৰ বাবে 108 ত জড়িত কৰ্মচাৰীসকল বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ অহাৰ উপৰিও নানান বিপদৰ সন্মুখীন হৈ আহিছে জৰুৰীকালীন অৱস্থাৰ ৰোগীসকল । আনকি নিৰ্ধাৰিত সময়ত ৰোগীৰ ঘৰত উপস্থিত হ'ব নোৱাৰা অৱস্থাৰ দৰে অসুবিধাৰো সৃষ্টি হয় পুৰণি বাহনৰ বাবেই (108 Mrityunjay Ambulance service in Assam)।

পুৰণি বাহনৰ সলনি মৃত্যুঞ্জয় সেৱাত নতুন বাহনৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰিছে 108 ত জড়িতসকলে (108 service facing terrible situation in Assam) । এতিয়া প্ৰশ্ন হয়, চৰকাৰে এইসমূহ পুৰণি বাহনৰ পৰিবৰ্তে নতুন বাহনৰ ব্যৱস্থা কৰিব কেতিয়া? নে পুৰণি বাহনেৰেই চলিব মৃত্যুঞ্জয় সেৱা ?

লগতে পঢ়ক: 108 ambulances burnt down: নগাঁৱৰ ৰাজপথত জ্বলিল 108 এম্বুলেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.