ETV Bharat / state

Road Accident in Morigaon : সুখকৰ নহ’ল জন্মদিনৰ পাৰ্টী, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে

author img

By

Published : Dec 14, 2021, 11:30 AM IST

Road Accident at Baghara
বঘাৰত ভয়াবহ পথ দুৰ্ঘটনা

মৰিগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত (Road Accident in Morigaon) চূৰ্ণ-বিচূৰ্ণ বিলাসী i20 বাহন ৷ থিতাতে নিহত তিনি যুৱক ৷

ধিং, 14 ডিচেম্বৰ : সোমবাৰে নিশা প্ৰায় 11 বজাত মৰিগাঁৱৰ বঘৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Morigaon) ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন যুৱক ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় আন দুজন ৷

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ আহত যুৱক দুজনক সংকটজনক অৱস্থাত ততালিকে মৰিগাঁও অসামৰিক চিকিৎসালয় (Morigaon Civil Hospital)ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু এজন যুৱকৰ স্বাস্থ্যৰ অৱনতি ঘটাত নিশাৰ ভাগতে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (Guwahati Medical College Hospital) লৈ ৷

লগতে পঢ়ক : নগাঁৱৰ ৰাজপথত i10 ত খুন্দা বিলাসী বাহনৰ

দুৰ্ঘটনাত পতিত হোৱা পাঁচজনীয়া যুৱকৰ দলটোৱে জাগীৰোডৰ আত্মীয়ৰ ঘৰৰ পৰা জন্মদিনৰ পাৰ্টী খাই মৰিগাঁও অভিমুখে আহি আছিল ৷ দুৰ্ঘটনা নিহত হোৱা যুৱক তিনিজন ক্ৰমে মহিবুৰ ৰহমান(26), হাবিজুল ইছলাম(27) আৰু ছুৱোল আহমেদ (24) বুলি জানিব পৰা গৈছে ৷

Road Accident in Morigaon
বঘাৰত ভয়াবহ পথ দুৰ্ঘটনা

আনহাতে, আহত যুৱকদ্বয় ক্ৰমে ঈশান আহমেদ আৰু ইক্ৰাম হুছেইন । আটাইকেইজন যুৱকৰ ঘৰ মৰিগাঁৱৰ মিলনপুৰত ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, তীব্ৰবেগত আহি থকা i20 বাহনখনে বঘৰাৰ পথৰ সমীপত থকা এঘৰ মানুহৰ ঘৰৰ গেটত প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ মূহুৰ্ততে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বিলাসী বাহনখন ৷ পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় মৰিগাঁও আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন কাটি মৃতদেহ তিনিটা উদ্ধাৰ কৰে ৷ বাহনখনৰ তীব্ৰবেগৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত টুকুৰা টুকুৰ হ’ল ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.