ETV Bharat / state

নগাঁৱৰ ৰাজপথত i10 ত খুন্দা বিলাসী বাহনৰ

author img

By

Published : Dec 13, 2021, 1:51 PM IST

দেওবাৰৰ নিশা নগাঁও চহৰৰ ৰাজপথত বিলাসী বাহনৰ চালকৰ উদ্ভণ্ডালি । এখন বিলাসী বাহনে মহতিয়াই নিলে i10 বাহন । নগাঁৱত চাঞ্চল্য ৷ আৰক্ষীয়ে জব্দ কৰিলে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন (Nagaon police seized a car after a road accident) ৷

nagaon-police-seized-a-car-after-a-road-accident
নগাঁৱৰ ৰাজপথত i10 ত খুন্দা বিলাসী বাহনৰ

নগাঁও, 13 ডিচেম্বৰ : দেওবাৰে নিশা নগাঁও চহৰৰ ৰাজপথত এখন বিলাসী বাহনে একপ্ৰকাৰ সন্ত্ৰাস চলোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ নগাঁও চহৰৰ আমোলাপট্টিত এখন i10 বাহনক মহতিয়াই নিয়ে এখন তীব্ৰবেগী বিলাসী বাহনে(Road Accident in nagaon) ।

AS 02 AE 7987 নম্বৰৰ টয়’টা গিয়াঞ্জা বাহনখনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আমোলাপট্টিৰ ৰাজপথত বিলাসী বাহনখনে দেওবাৰে নিশা একপ্ৰকাৰ সন্ত্ৰাস চলায় যদিও সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে কেইবাজনো পথচাৰীৰ ।

আনহাতে, বিলাসী বাহনখনৰ খুন্দাত i10 বাহনখনৰ সন্মুখভাগৰ ক্ষতিসাধন ঘটে ৷ বাহনখনত থকা আৰোহীকেইজনৰ প্ৰাণৰক্ষা পৰে যদিও সামান্য পৰিমাণে আটাইকেইজনে আহত হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰি বাহনখন নগাঁৱৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বুলি সদৰী কৰে ৷

তদুপৰি আৰক্ষীয়ে ব্যৱসায়ীগৰাকীৰ ঘৰৰ পৰা বাহনখন জব্দ (Nagaon police seized a car after a road accident কৰিবলৈ সক্ষম হয় । নিশাৰ ৰাজপথত একপ্ৰকাৰ সন্ত্ৰাস চলোৱা বাহনখনৰ চালকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে চাওক: 20 years of Parliament Attack : সংসদ ভৱনৰ আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.