ETV Bharat / state

আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

author img

By

Published : Dec 17, 2020, 10:22 AM IST

পুৱা 7:30 বজাৰ পৰা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ ৷ 64 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 1,43,655 ভোটাৰে ।

মৰিগাঁও
আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

মৰিগাঁও, 17 ডিচেম্বৰ : পুৱা 7:30 বজাৰ পৰা অনুষ্ঠিত হৈছে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ জিলাখনৰ 187 ভোটদান কেন্দ্ৰত 18 টা পৰিষদীয় সমষ্টিত 64 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 1,43,655 গৰাকী ভোটাৰে ।

মৰিগাঁৱৰ জিলাৰ 18 টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে 841 বিভিন্ন বৰ্গৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷

মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত ভোট প্ৰদান কৰি তিৱা স্বায়ত্ব শাসন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই কয় যে, তেওঁ যথেষ্ট সংখ্যক ভোটত বিজয়ী হ'ব ।

লগতে পঢ়ক : আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.