ETV Bharat / state

জাবৰৰ দ'মেৰে পৰিপূৰ্ণ মৰিগাঁৱৰ বিভিন্ন পথঃকাণসাৰ নাই পৌৰসভাৰ

author img

By

Published : Oct 27, 2020, 10:28 AM IST

মৰিগাঁৱত পথৰ ওপৰতে একাংশ কাণ্ডজ্ঞানহীন লোকে পেলাইছে ঘৰুৱা আৱৰ্জনা ৷ যাৰ ফলত এতিয়া আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ পৰিছে সমগ্ৰ পথচোৱা ৷ নাক কোঁচাই জাবৰৰ ওপৰেৰে অহা-যোৱা কৰিব লাগে পথচাৰীয়ে ৷ তৎস্বত্ত্বেও কোনো কাণসাৰ নাই মৰিগাঁও পৌৰসভাৰ ৷

The road to marigaon's Harijan Colony  full of Garbage
জাৱৰৰ দ'মেৰে পৰিপূৰ্ণ মৰিগাঁৱৰ হৰিজন কলনীৰ পথঃকাণসাৰ নাই পৌৰসভাৰ

মৰিগাঁও,27অক্টোবৰঃ স্বচ্ছ ভাৰত অভিযানৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে যিমানেই বিজ্ঞাপন নিদিয়ক কিয়, এইক্ষেত্ৰত যেন কোনো ভ্ৰুক্ষেপেই নাই একাংশ লোকৰ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল মৰিগাঁও চহৰত ৷ জিলাখনৰ হৰিজন কলনীৰ লগতে এজাৰবাৰীকে ধৰি বিভিন্ন স্থানত পথৰ ওপৰতে ঘৰুৱা আৱৰ্জনা পেলাই এক দূৰ্ঘন্ধময় পৰিবেশৰ সৃষ্টি কৰি আহিছে একাংশ কাণ্ডজ্ঞানহীন লোকে ৷

যাৰ ফলত এতিয়া আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ পৰিছে চহৰখনৰ বিভিন্ন পথ সমূহ ৷ আনকি পথচাৰীয়েও পথেৰে নাক কোঁচাই জাবৰৰ ওপৰেৰে অহা-যোৱা কৰিব লাগে ৷শেহতীয়াকৈ জাবৰৰ দ'মৰ বাবে হৰিজন কলনীৰ এটা পথো বন্ধ হৈ পৰিছে ৷ তৎস্বত্ত্বেও কোনো কাণসাৰ নাই মৰিগাঁও পৌৰ সভাৰ ৷ চকু মূদা কুলিৰ ভাও ধৰা পৌৰসভাৰ কৰ্মীক শীঘ্ৰে চহৰৰ অন্যান্য প্ৰান্তৰ লগতে কলনিৰ পথচোৱা পৰিস্কাৰ কৰাৰ লগতে জাবৰ পেলোৱাৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে চহৰখনৰ সচেতন লোকে ৷

লগতে পঢ়কঃমঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.