ETV Bharat / bharat

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

author img

By

Published : Oct 27, 2020, 7:50 AM IST

ভাৰত আৰু আমেৰিকাই শেষৰখন গাঁথনিগত চুক্তি, জিঅ'-স্পাটিয়েল কৰ্পৰেশ্বনৰ বুনিয়াদী বিনিময় আৰু সহযোগী চুক্তিত স্বাক্ষৰ কৰিব ৷ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনাত এই চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন দেশে ৷ আলোচনাত অংশগ্ৰহণ কৰিব আমেৰিকাৰ গৃহ সচিব মাইক পম্পিঅ', প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

নিউজ ডেস্ক, 27 অক্টোবৰ : আঞ্চলিক পৰ্যায়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ'ব 2+2 আন্তঃমন্ত্ৰী আলোচনা ৷ মঙলবাৰে দুয়োখন দেশৰ মাজত এই সন্দৰ্ভত তৃতীয়লানি আলোচনা অনুষ্ঠিত হ'ব আৰু আলোচনাত সামৰিক দিশত ভূ-স্থানীয় সহযোগিতা বৃদ্ধিৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিব দুয়োখন দেশে ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
ভাইচ এয়াৰ মাৰ্শ্বাল আলোক শৰ্মা, প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু আমেৰিকাৰ উচ্চায়ুক্ত কেনেথ জাষ্টাৰ

আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে সোমবাৰেই নতুন দিল্লীত আহি উপস্থিত হৈছে আমেৰিকাৰ গৃহ সচিব মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ ৷ আমেৰিকাৰ দুয়োগৰাকী শীৰ্ষ বিষয়াক ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে দুয়োৰে লগত আলোচনাত মিলিত হয় ৷ এই আলোচনাত আমেৰিকাৰ শীৰ্ষ বিষয়া দুগৰাকীৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দল আৰু ভাৰতীয় প্ৰতিৰক্ষা তথা অন্যান্য মন্ত্ৰালয়ৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব ৷ মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া আলোচনাৰ পূৰ্বে আমেৰিকাৰ প্ৰতিনিধি দলটোৱে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
গাৰ্ড অৱ অনাৰ গ্ৰহণৰত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব

মঙলবাৰে দিনৰ প্ৰায় 10 বজাৰ পৰা এই আলোচনা অনুষ্ঠিত হ'ব ৷ আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিব আমেৰিকাৰ দুয়োগৰাকী শীৰ্ষ সচিবে ৷ ইয়াৰ পিচতেই আমেৰিকাৰ প্ৰতিনিধি দলটো শ্ৰীলংকা, মালদ্বীপ আৰু ইণ্ডোনেচিয়ালৈ ৰাওঁনা হ'ব ৷ সোমবাৰে দুয়োখন দেশৰ প্ৰতিনিধিয়ে এক ভূ-স্থানীয় সহযোগিতা চুক্তিত স্বাক্ষৰ কৰে ৷ এই চুক্তিৰ দ্বাৰা সামৰিক দিশটোক অধিক সামৰি লোৱা হৈছে আৰু ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
jাজভৱনত গাৰ্ড অৱ অনাৰ গ্ৰহণ মাৰ্ক ইস্পাৰৰ

দুয়োখন দেশৰ মাজত অনুষ্ঠিত হৈ থকা এই বিশেষ 2+2 আন্তঃমন্ত্ৰী আলোচনাৰ মুল বৈশিষ্ট হৈছে আঞ্চলিক সুৰক্ষা সহযোগিতা, প্ৰতিৰক্ষা তথ্য সৰবৰাহ, মিলিটাৰী আন্তঃসহযোগিতা আৰু প্ৰতিৰক্ষা বাণিজ্য ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব

ভাৰতলৈ অহাৰ পূৰ্বে আমেৰিকাৰ গৃহ বিভাগে সদৰী কৰা এক বিজ্ঞপ্তিত এই ভ্ৰমণে দুয়োখন দেশৰ আমোলাতান্ত্ৰিক আৰু নিৰাপত্তাৰ দিশটোৰ লগতে দুয়োখন দেশৰ সেনাৰ মাজৰ সহযোগিতা বৃদ্ধিৰ বাবে কাম কৰিব বুলি জনাইছিল ৷ ভাৰত আৰু আমেৰিকা সামৰিক উদ্যোগিক সহযোগিতাৰ এক বৃহৎ অংশীদাৰ ৷ ভাৰত-আমেৰিকা প্ৰতিৰক্ষা প্ৰযুক্তি আৰু বাণিজ্য নীতিৰ দ্বাৰা দুয়োখন দেশেই সামৰিক খণ্ডত সহ-উৎপাদন আৰু সহ-উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷ আমেৰিকাৰ পিচতেই ভাৰতেই হৈছে একমাত্ৰ দেশ যিয়ে C-17 আৰু P-8 বিমানৰ সু-বৃহৎ ফ্লীট মোতায়েন কৰি ৰাখিছে আৰু 2020ৰ শেষলৈ আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব 20 বিলিয়ন ডলাৰৰো অধিক মূল্যৰ সামৰিক প্ৰযুক্তিগত সামগ্ৰী ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
ৰাষ্ট্ৰপতি ভৱনত ৰাজনাথ সিং আৰু মাৰ্ক ইস্পাৰ

সোমবাৰে দুয়োপক্ষৰ মাজত হোৱা আলোচনাত দুয়োখন দেশৰ প্ৰতিনিধিয়ে মিলিটাৰী-মিলিটাৰী সহযোগিতা, সুৰক্ষিত যোগাযোগ প্ৰণালী আৰু তথ্য আদান-প্ৰদান, সামৰিক বাণিজ্য আৰু উদ্যোগিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰিছিল ৷ এই আলোচনাৰ পিচতেই ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে দুয়োপক্ষৰ মাজত জিঅ'-স্পাটিয়েল কৰ্পৰেশ্বনৰ বুনিয়াদী বিনিময় আৰু সহযোগী গাঁথনিগত চুক্তিত স্বাক্ষৰ কৰাৰ বিষয়ে জনাইছিল ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ

ইয়াৰ উপৰিও বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু আমেৰিকাৰ গৃহ সচিব পম্পিঅ'ৰ মাজত পৃথকে এক আলোচনা অনুষ্ঠিত হৈছিল য'ত দুয়োখন দেশৰ লগতে ইণ্ডো-পেচিফিকৰ লগতে বিশ্বৰ সুৰক্ষা আৰু সম্বৃদ্ধিৰ প্ৰতি ভাবুকিস্বৰূপ দিশসমূহৰ ওপৰত বাৰ্তালাপ অনুষ্ঠিত হৈছিল ৷ এই আলোচনাৰ পিচতেই পম্পিঅ'ৱে টুইট কৰি দুয়োখন দেশে কোভিড-19ৰ প্ৰতিষেধক তৈয়াৰৰ লগতে আঞ্চলিক সুৰক্ষা বিষয়সমূহৰ প্ৰতি গুৰুত্ব আৰু সহযোগিতা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নতিৰ বিষয়ে জনায় ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
ভাৰত আৰু আমেৰিকাৰ মন্ত্ৰীস্থানীয় প্ৰতিনিধি দলটো

উল্লেখ্য যে, 2017ৰ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পিচতেই দুয়োখন দেশৰ মাজৰ আলোচনাৰ এক নতুন সংস্কৰণ প্ৰস্তুত কৰা হয় ৷ ইয়াৰ পিচতেই 2+2 স্তৰত প্ৰথমলানি আন্তঃমন্ত্ৰী আলোচনা 2018ৰ জানুৱাৰী মাহত নতুন দিল্লীত আৰু দ্বিতীয়লানি আলোচনা 2019ত ৱাশ্বিংটনত অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক : ভাৰত-আমেৰিকাৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰীস্তৰীয় আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.