ETV Bharat / state

Morigaon latest news: ধুমুহাই তহিলং কৰিলে মৰিগাঁৱৰ দমাল অঞ্চল

author img

By

Published : Apr 4, 2023, 6:35 PM IST

storm
ধুমুহাৰ তাণ্ডৱ

নিশা ধুমুহাই তাণ্ডৱ চলালে মৰিগাঁৱৰ দমাল অঞ্চলত ৷ 11 মান বজাত অহা ধুমুহাজাকে অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰে (Storm in Morigaon) ৷ বেৰ-দুৱাৰ ভাঙি শেষ কৰাৰ লগতে উৰুৱাই লৈ যায় ঘৰৰ টিনপাত ৷

ধুমুহাৰ তাণ্ডৱ

মৰিগাঁও, 4 এপ্ৰিল : মৰিগাঁৱৰ দমাল অঞ্চলত নিশা বৰদৈচিলা তথা ধুমুহাৰ তাণ্ডৱলীলাই দিশহাৰা কৰিলে কেইবাটাও পৰিয়ালক । একাশীটা গৰাখহনীয়াগ্ৰস্ত পৰিয়াল পুনৰ হ’ল গৃহহাৰা । বাতৰি যুগুত কৰাৰ সময়লৈকে ঘটনা স্থলীত উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ কোনো বিষয়া কৰ্মচাৰী । উপায়ন্তৰ হৈ জনপ্ৰতিনিধি ৰমাকান্ত দেউৰী লৈ ভুক্তভোগী ৰাইজে কাতৰ আহবান জনাইছে ।

যোৱা নিশা মৰিগাঁও চহৰৰ দাক্ষিণাঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে (storm in Morigaon) ৷ মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীক স্থানীয় ৰাইজে শীঘ্ৰে যাৱতীয় ব্যৱস্থা লোৱাৰ আহবান জনাইছে । নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও দক্ষিণ অঞ্চলৰ দমাল অঞ্চলত বৰদৈচিলাই চলালে ধবংসলীলা ।

এইখন মৰিগাঁও দমালৰ বিলৰ পাৰৰ ৩ নং দমাল আদর্শ গাঁও । ২০০১ চনত লাহৰীঘাট সমষ্টিৰ পৰা খহনীয়াত বিধ্বস্ত হৈ তথা ভেটি মাটি, ঘৰ-দুৱাৰ হেৰুৱাই দিশহাৰা হোৱা ৮১ টাকৈ পৰিয়ালক চৰকাৰে সংস্থাপন দি স্থাপন কৰিছিল ৩ নং দমাল গাঁওখন । ৮১ টা অতি দৰিদ্ৰ পৰিয়াল তথা এশ শতাংশ জনজাতি বসতিপ্ৰধান এই গাঁৱখনত যোৱা নিশা ধুমুহাই চলালে তাণ্ডৱ । এফালৰ পৰা প্ৰৱল ধুমুহাই ঘৰ দুৱাৰ ভাঙি ধবংস লীলা চলোৱাৰ ফলত গৃহহাৰা হ'ল খহনীয়াগ্ৰস্ত সকলো পৰিয়াল (Morigaon latest news) । ঘৰসমূহ ভাঙি চুৰমাৰ হোৱাৰ উপৰিও গছ ভাঙি, বিদ্যুৎৰ তাঁৰ ছিগি সকলো বাট-পথ বিধ্বস্ত হৈ পৰে (Assam weather) ।

কেৱল যে ঘৰ দুৱাৰেই ধবংস হৈছে এনে নহয় । বাৰীৰ গছ-গছনি, তামোল-পাণ নষ্ট হোৱাৰ লগতে পথাৰত অনিষ্ট হয় শ শ বিঘা বড়োধান, শাক-পাচলি, মৰাপাট, মাকৈ আদি খেতি । মৰিগাঁও জিলা প্ৰশাসন অথবা মৰিগাঁও ৰাজহচক্ৰৰ কোনো বিষয়া কৰ্মচাৰী উপস্থিত হৈ কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে ক্ষতিগ্ৰস্তসকলে । আনকি জিলাখনৰ দূৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াও উপস্থিত হোৱা নাই তিনি নং দমাল গাঁৱৰ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত (Morigaon news)।

সেয়েহে জিলা প্ৰশাসনৰ সমান্তৰালকৈ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক গাঁওখনৰ আশীটা ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় সহযোগিতা আগবঢ়াবলৈ কাতৰ আহবান জনায় । এতিয়া উপায়হীন পৰিয়াল কেইটাই বিচাৰিছে চৰকাৰ তথা প্ৰশাসনৰ সহায় । পৰিয়াল কেইটাই তেওঁলোকে থাকিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব দিবলৈ স্থানীয় বিধায়কক আহ্বান জনাইছে । ৰাজ্যৰ নৱ নিযুক্ত ৰাজ্যপালৰ ভ্ৰমণসূচীত উবুৰি খাই পৰা মৰিগাঁও জিলাৰ সংশ্লিষ্ট বিভাগে কেনেদৰে এইসকল দূৰ্গত পৰিয়ালক সহায় আগবঢ়াই সেইয়া এক লাখটকীয়া প্ৰশ্ন !

লগতে পঢ়ক : Pathetic road condition: পথ নিৰ্মাণৰ নামত ৰহাত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.