ETV Bharat / state

Pathetic road condition: পথ নিৰ্মাণৰ নামত ৰহাত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 4, 2023, 11:24 AM IST

নগাঁৱৰ ৰহা সমষ্টিৰ আমতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷ পথ উন্নয়নৰ বাবে আৱন্টন হোৱা ধন হৰলুকী হোৱাৰ অভিযোগ । ক্ষোভিত ৰাইজ (Pathetic road condition at Raha) ৷

Corruption in road construction
জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে স্থানীয় ৰাইজক

জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে স্থানীয় ৰাইজক

নগাঁও, 4 এপ্ৰিল : ৰাজ্যৰ সৰ্বত্ৰে উন্নয়ন হোৱা বুলি ৰাজ্য চৰকাৰখনে দাবী কৰি অহাৰ সময়তে ৰাজ্যৰ এটি গুৰুত্বপূৰ্ণ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে ৷ নগাওঁ ৰহা সমষ্টিৰ আমতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে অঞ্চলবাসীক । দুবছৰ পূৰ্বে তিনি কিলোমিটাৰ দৈৰ্ঘৰ পথটো মেৰামতিৰ নামত পাঁচ লাখ টকা আৱন্টন লাভ কৰিছিল যদিও মেৰামতিৰ নামত পথটোত এচপৰাও মাটিও নপৰিল বুলি স্থানীয় ৰাইজে ক্ষোভেৰে জানিবলৈ দিয়ে (Corruption in road construction) ।

পথটো উন্নীতকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এজাক বৰষুণ দিলেই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় সমষ্টিটোৰ জৰাবাৰী গাঁৱৰ ৰাইজে । মেৰামতিৰ অভাৱত সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰা পথটোৰ এজাক সাধাৰণ বৰষুণতে হৈ পৰে নাজল-নাথল অৱস্থা । অন্যটো বাদেই আনকি বেমাৰ হ’লেও ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় গাঁওবাসী (Poor road condition in Nagaon) ।

পথটোৰ এনে অৱস্থাৰ বাবেই গাঁওখনৰ ভিতৰলৈ নাহে ১০৮ এম্বুলেঞ্চ সেৱাৰ বাহন । বহু কষ্টৰ মাজেৰে কৰি এগৰাকী ৰোগীক চিকিৎসালয়লৈ লৈ যাবলগীয়া হয় আত্মীয় তথা স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে গাঁওবাসীৰ এনে পৰিস্থিতি সন্দৰ্ভত সম্পূৰ্ণ উদাসীন, নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে স্থানীয় বিধায়ক শশীকান্ত দাসে ৷ নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰা সমষ্টিটোৰ বিধায়ক শশীকান্ত দাস নিৰ্বাচনত জয়ী হোৱাৰ পিছৰ পৰা আজি পৰ্যন্ত গাঁওখনত উপস্থিত নোহোৱা বুলি ক্ষোভ ব্যক্ত কৰে গাঁওবাসীয়ে (MLA Sashikanta Das) ।

দুবছৰ পূৰ্বে জৰাজীৰ্ণ পথটো মেৰামতিৰ নামত পাঁচ লাখ টকাৰ আৱন্টন লাভ কৰিছিল যদিও পথটোৰ কোনো উন্নতি নহ’ল বুলি জনোৱাৰ লগতে বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়কগৰাকীয়ে বৰ্তমানেও কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে ৷ শীঘ্ৰে পথটো নিৰ্মাণৰ বাবে সমষ্টিটোৰ বিধায়কগৰাকীৰ লগতে ৰাজ্য চৰকাৰক গুৰুত্ব প্ৰদানৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে (No government response)।

লগতে পঢ়ক : Villagers deprived from govt schemes : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধেমাজিৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.