ETV Bharat / state

Sensational robbery : চোকা অস্ত্ৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

author img

By

Published : Aug 12, 2023, 10:43 AM IST

Sensational robbery in Morigaon
চোকা অস্ত্ৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

মৰিগাঁও চহৰৰ মাজমজিয়াত নিশা ডেগাৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ‌ ধন । ঘটনাস্থলীত উপস্থিত আৰক্ষী । বীৰ লাচিত সেনা অসমৰ আৰক্ষীক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী ।

চোকা অস্ত্ৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

মৰিগাঁও, 12 আগষ্ট: শুকুৰবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈ যায় । মৰিগাঁও হাজৰিকা মাৰ্কেটৰ কে‌.কে. এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী কিশোৰ কুমাৰ জৈনৰ পৰা ডকাইতে কাঢ়ি লৈ গ'ল প্ৰায় 65 হাজাৰ টকা । লগতে কাঢ়ি লৈ যায় দুটাকৈ ম'বাইল ।

ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, শুকুৰবাৰৰ নিশা কিশোৰ কুমাৰ জৈনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত এখন ৰঙা পালচাৰ বাইকত অহা তিনি যুৱকে ঘৰৰ সমীপতে আগচি ধৰি ডেগাৰ দেখুৱাই টকাৰ বেগটো কাঢ়িবলৈ টনা-আজোৰা কৰোতে হঠাতে পৰি যায় ব্যৱসায়ীজন । ইয়াৰ পিচতে ব্যৱসায়ী কিশোৰ কুমাৰ জৈনে প্ৰাণৰ মমতাত বেগটো এৰি দিয়াৰ লগতে ঘটনাস্থলীৰ পৰা আঁতৰি যায় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

তিনিজনীয়া ডকাইতৰ দলটোৱে হেলমেট পৰিধান কৰি আহিছিল বুলি ভুক্তভোগী লোকজনে জানিবলৈ দিয়ে । ঘটনাটো সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় । আৰক্ষীয়ে ডকাইতি ঘটনাৰ তদন্ত কৰিছে যদিও বাতৰি যুগুত কৰা সময়লৈ ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক দীপমণি হীৰাই মৰিগাঁও আৰক্ষী থানাৰ পৰা কেৱল মাত্ৰ 100 মিটাৰ আঁতৰত সংঘটিত হোৱা ঘটনাটোত আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ৷ চহৰখনৰ মাজমজিয়াত সৰ্বসাধাৰণৰ জীৱনৰ নিৰাপত্তা দিবলৈ ব্যৰ্থ হোৱা মৰিগাঁও আৰক্ষী অধীক্ষক আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । লগতে উক্ত অঞ্চলটোত ইয়াৰ পূৰ্বেও একাধিক ডকাইতি কাণ্ড সংঘটিত হৈছে যদিও আৰক্ষীৰ নিষ্ক্ৰিয়তাত ক্ৰমাৎ েনে ঘটনাৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে বুলি কয় ৷ ক্ৰমবৰ্ধমান সদৃশ ঘটনাত উদ্বেগ প্ৰকাশ কৰি ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : Kidnapped in Rangia: ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক অপহৰণ, অব্যাহত আৰক্ষীৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.